NORTHEAST NOW (Assamese)

আজি মহা শিৱৰাত্ৰি: ঐতিহাসিক শিৱদ’লত ভক্তৰ লানি নিচিগা ভিৰ

March 11, 2021 12:14 pm · পাৰ্শ্বজ্যোতি গগৈ
Updated: March 11, 2021 12:23 pm

আজি মহা শিৱৰাত্ৰি। শিৱৰ আৰ্শীবাদ লবলৈ আজি পুৱাৰে পৰাই  শিৱসাগৰৰ ঐতিহাসিক শিৱদ’লত ভক্তৰ লানি নিচিগা ভিৰ লগা পৰিলক্ষিত হৈছে।

কাহিলি পুৱাৰ পৰাই শিৱদ’লৰ কুণ্ডত গাখীৰ পানী ঢালি নিজৰ মনৰ বাঞ্চা পূৰণৰ বাবে ভক্তৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গ’ল।

ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা মহাদেৱক দৰ্শন কৰিবলৈ ভক্ত অহা দেখা গ’ল।

উল্লেখ্য যে আহোম স্বৰ্গদেউ শিৱসিংহৰ পত্নী ৰাণী অম্বিকা কুৱৰীয়ে ১৭৩৪ চনত শিৱসাগৰ পুখুৰীৰ পাৰত শিৱদ’ল, দেৱীদ’ল আৰু বিষ্ণু দ’লৰ প্ৰতিষ্ঠা কৰিছিল।

সনাতন হিন্দু ধৰ্মৰ তিনিটা শাখাত শৈৱ, শাক্ত আৰু বৈষ্ণৱৰ পৰম্পৰাৰে আহোম যুগৰে পৰা বৰ্তমানলৈকে পূজা অৰ্চনা চলি আহিছে এই তিনিটা দ’লত।

সোণৰ কলচী থকা এই শিৱদ’ল এচিয়াৰ ভিতৰতে সু-উচ্চ শিৱদ’ল। শিৱদ’ল প্ৰতিষ্ঠাৰ কালৰে পৰা বৰ্তমানলৈকে শিৱৰাত্ৰিত বিশেষ পূজা কৰি অহা হৈছে।

ইপিনে শিৱৰাত্ৰি উপলক্ষে দ’ল চৌহদৰ চাৰিওফালে অনুষ্ঠিত হৈছে এখন বৃহৎ মেলা। এই মেলাত ৰাজ্যৰ লগতে ৰাজ্যৰ বাহিৰৰ বহু বিপনীয়ে অংশ গ্ৰহণ কৰিছে।

আন্তঃৰাষ্ট্ৰীয় শিৱ উৎসৱৰ লগত সংগতি ৰাখি নগৰৰ দ’লমুখ চাৰিআলিত প্ৰত্যেক দিনা সন্ধিয়া অনুষ্ঠিত হব বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ।

Related News