পবিত্ৰ মহালয়াত টীয়কত উখলমাখল পৰিবেশ

আজি পৱিত্ৰ মহালয়া । মহালয়াই ধৰণীলৈ বোৱাই আনিলে শাৰদীয় দুৰ্গোৎসৱক ।

বৰ্তমান সময়ত সৰ্বতে মা দুৰ্গাক আদৰাৰ ব্যাপক প্ৰস্তুতি। সকলোৰে মাজত আনন্দ উৎসাহ উদ্দীপনা।

প্ৰবাদ মতে আজি মহালয়াই পৃথিৱীলৈ শুভ আগমণ জনাই মা দুৰ্গাক আৰু পুৱাৰ পবিত্ৰ বা জাকে শৰীৰ মন আত্মা সুস্থ কৰে।

টীয়কটো গ্ৰীষ্মৰ উত্তাপ আঁতৰাই শীতৰ মিঠা পৰশ সানিবলৈ শৰতৰ আগমনৰ পুৱাই বৃহত্তৰ টীয়কৰ বিভিন্ন স্থানৰ পৰা হাজাৰ হাজাৰ ৰাইজে প্ৰায় দুপৰ নিশা ২ বজাৰ পৰা ৰাজপথত খোজ পেলায় ।

চৰকাৰে যদিও কভিডৰ বিভিন্ন SOP জাৰি কৰিছে । SOP ৰ বাধ্যবাধকতাৰ মাজতে লৈ ৰাইজে মহালয়াৰ নীতি নিয়ম পালন কৰিছে।

উল্লেখযোগ্য যে পূৰ্বৰ দৰে মহালয়াৰ পুৱা ৰাইজৰ বাবে টীয়কৰ অন্যতম বহু ব্যৱসায়িক প্ৰতিষ্ঠানে সুবিধা অনুসৰি ৰাইজক পথৰ ওপৰতে প্যায়ন কৰিছে।ইয়াৰ ভিতৰত প্ৰজ্ঞা ফাৰ্নিচাৰো এখন প্ৰতিষ্ঠান।

ৰাজপথলৈ ওলাই অহা ৰাইজলৈ বিনামূলীয়াকৈ চাহৰ ব্যৱস্থা কৰি ৰাইজৰ সেৱাত ব্যস্ত হৈ পৰে লগতে সকলোৱে ।

মহালয়াৰ পবিত্ৰ দিনৰ পৰাই বিশ্বত আতংকসৃষ্টিকাৰী কভিড মহামাৰীৰ সন্ত্ৰাস শেষ হ’ব বুলি আশা প্ৰকাশ কৰিছে ৰাইজে।