মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ ১হাজাৰ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত আয়কৰ বিভাগৰ

271803-ajit-pawar

অজিত পাৱাৰ।

মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ ১হাজাৰ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত কৰিলে আয়কৰ বিভাগে। পাৱাৰৰ পাঁচটা স্থাৱৰ সম্পত্তি বেনামী সম্পত্তি আইনৰ অধীনত বাজেয়াপ্ত কৰা হৈছে।

বাজেয়াপ্ত কৰা পাৱাৰৰ সম্পত্তিৰ ভিতৰত আছে এটা কোপাৰেটিভ চেনিৰ কাৰখানাও। লগতে আছে মুম্বাইৰ নৰিমান পইন্টত থকা নিৰ্মল টাৱাৰ, গোৱাৰ এখন ৰিছৰ্ট, দিল্লীৰ এটা কাৰ্যালয় তথা বাসগৃহ।

তদুপৰি, মহাৰাষ্ট্ৰত থকা মন্ত্ৰীগৰকীৰ ২৭টা স্থানৰ মাটিও বাজেয়াপ্ত কৰিছে আয়কৰৰ বিষয়াসকলে। এই মাটিৰ আনুমানিক মূল্য প্ৰায় ৫০০কোটি টকা হ’ব বুলি কোৱা হৈছে।

বাতৰি অনুসৰি, উক্ত সম্পত্তিসমূহৰ আটাইবোৰৰে মালিক অজিত পাৱাৰ তথা তেওঁৰ পৰিয়ালৰ কোনো নহয় কোনো সদস্য।

এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰৰ ভতিজাক হৈছে অজিত পাৱাৰ। শাৰদ পাৱাৰৰ ভাতৃ অনন্ত পাৱাৰৰ পুত্ৰ অজিত পাৱাৰ।  

Also read : BY-Election Result Live Update তামুলপুৰত দুৰ্গ অক্ষত ৰখাৰ দৌৰত ইউপিপিএল; বাকীসকলৰ অৱস্থা কি?

উল্লেখ্য যে অক্টোবৰত আয়কৰ বিভাগে অজিত পাৱাৰৰ ভগ্নীৰ ঘৰতো তালাচী চলাইছিল। তদুপৰি, যোৱা জুলাইত আয়কৰ বিভাগে অজিত পাৱাৰ এক ২৫হাজাৰ কোটি টকীয়া কেলেংকাৰীত জড়িত থকাৰ কথাও জানিবলৈ দিছিল।

মহাৰাষ্ট্ৰৰ ৰাজ্যিক কোপাৰেটিভ বেংক জালিয়াতিৰ ঘটনাত অজিত পাৱাৰ নাম পোহৰলৈ আহে। তেতিয়া বিত্তীয় লেনদেন কেলেংকাৰীৰ গোচৰত চাতাৰাৰ এটা চেনিকল আয়কৰ বিভাগে বাজেয়াপ্ত কৰিছিল।

বেংকটোৰ বিৰুদ্ধে সেই টেনিকলটো নিলামত পানীৰ দৰত এটাসংস্থাক বিক্ৰী কৰাৰ অভিযোগ উঠিছিল। সেই চেনিকলটো অধিকাংশ শ্বেয়াৰেই আছিল অজিত পাৱাৰ আৰু তেওঁৰ পত্নী সুনেত্ৰা পাৱাৰৰ নামত।

অৱশ্যে, মঙলবাৰে অজিত পাৱাৰৰ সম্পত্তি বাজেয়াপ্তৰ ঘটনাৰ সৈতে উক্ত বেংক জালিয়াতিৰ সম্পৰ্কৰ কথা আয়কৰ বিভাগে স্পষ্ট কৰা নাই।  

Also read : BY-Election Result Live Update থাওৰাত বিজেপিৰ অগ্ৰগতি; ৰাইজৰ দলৰ স্থিতি কি?