বিজেপিৰ পতনৰ দায়িত্ব স্বীকাৰ! পদত্যাগৰ প্ৰস্তাৱ মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছৰ

মহাৰাষ্ট্ৰৰ উপ-মুখ্যামন্ত্ৰী দেবেন্দ্ৰ ফাডনভিছ। ফাইল ফটোঃ সংগ্ৰহীত।

মহাৰাষ্ট্ৰত বিজেপিয়ে দল ভঙাৰ খেল আৰম্ভ কৰিছিল, কিন্তু কোনো কামত নাহিল। মঙলবাৰে নিৰ্বাচনী ফলাফলৰ পিছতে সেয়া স্পষ্ট হৈ পৰিল। ৰাজ্যখনত লোকসভাৰ ভোটগণনাৰ ফলাফলৰ দিনা সন্ধিয়া সকলো স্পষ্ট হৈ পৰিছিল।

তাৰ পিছদিনাই জানিব পৰা গ’ল যে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনভিছে লোকসভা নিৰ্বাচনত গেৰুৱা শিবিৰৰ বেয়া ফলাফলৰ দায়িত্ব গ্ৰহণ কৰি পদত্যাগ কৰিব বিচাৰিছে।

তেওঁ কয়, ‘মহাৰাষ্ট্ৰৰ যিমানে ক্ষতি হওক, তাৰ সম্পূৰ্ণ দায়িত্ব মই লৈছো।’ লগতে তেওঁ ক’লে, ‘মই শীৰ্ষ নেতৃত্বক অনুৰোধ কৰিছো যে মোক মোৰ মন্ত্ৰিত্বৰ পদৰ পৰা অব্যাহিত দিয়ক।’

স্বাভাৱিকতে উপ-মুখ্যমন্ত্রীৰ এই ঘোষণাৰ পাছত ৰাজ্যৰ মুখ্যমন্ত্রীয়ে কি কয় তালৈ সেয়া সকলোৱে চাই আছিল৷ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিণ্ডেৰ মতে দেৱেন্দ্ৰ ফাডনভিছৰ সৈতে তেওঁ পুনৰ কথা পাতিব। অতীতৰ দৰেই আগন্তুক সময়তো একেলগে কাম কৰি যাব বুলিও কয়।

তেওঁ লগতে কয়, ‘বিফলতাই আমাক নিৰুৎসাহিত নকৰে। মানুহক বিভ্ৰান্ত কৰি ভোট লাভ কৰিবলৈ চেষ্টা কৰাটো এক সাময়িক সফলতা।’ 

ইপিনে, কংগ্ৰেছে কয় যে লোকসভা নিৰ্বাচনত ৰাজ্যখনত বিজেপিয়ে সন্মুখীন হোৱা বিপৰ্যয়ৰ পিছত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনভিছে পদত্যাগ কৰাৰ প্ৰস্তাৱ কেৱল এক “নাটক”হে।