NORTHEAST NOW (Assamese)

সামাজিক মাধ্যমত চিনাকী হৈ যৌন সম্পৰ্ক : তাৰপিছত নৌসেনাৰ গোপন তথ্য পাকিস্তানী এজেন্টক, গ্ৰেপ্তাৰ মহাৰাষ্ট্ৰৰ অভিযন্তা

May 31, 2025 11:23 am · নৰ্থ-ইষ্ট নাও, গুৱাহাটী

পাকিস্তানলৈ নৌসেনাৰ তথ্য সৰবৰাহ কৰাৰ অভিযোগত মহাৰাষ্ট্ৰত গ্ৰেপ্তাৰ হৈছে এজন কনিষ্ঠ অভিযন্তা। ধৃত ব্যক্তিজনৰ নাম ৰবি ভাৰ্মা। অভিযোগ অনুসৰি, যৌনতাৰ ফান্দত পৰি তেওঁ নৌসেনাৰ তথ্য পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইক গতাই দিছিল। শুকুৰবাৰে মহাৰাষ্ট্ৰ এণ্টি টেৰৰিজম স্কোয়াডে গ্ৰেপ্তাৰ কৰে অভিযন্তাজনক।

এ টি এছৰ সূত্ৰ অনুসৰি ২০২৪ চনত ৰবিয়ে ছচিয়েল মিডিয়াত প্ৰীতি জয়ছৱাল নামৰ এগৰাকী যুৱতীক লগ পাইছিল। ইয়াৰ পিছত তেওঁলোকে হোৱাটছএপত কথা পাতিছিল। দুয়োৰে পাৰস্পৰিক কথা-বতৰাৰ ভিত্তিত যুৱতীগৰাকীয়ে ৰৱিৰ কৰ্মস্থলীৰ সকলো তথ্য সংগ্ৰহ কৰিলে। ইয়াৰ পিছত যুৱতীগৰাকীয়ে ভিডিঅ কলত তেওঁৰ লগত কথা পাতিছিল।

আৰক্ষীৰ সূত্ৰ অনুসৰি ৰবিয়ে ব্যক্তিগত প্ৰতিৰক্ষা কোম্পানীত কাম কৰে। সেই কোম্পানীত নৌসেনাৰ বহুতো সামৰিক সঁজুলি নিৰ্মাণ কৰা হয়। ৰবিৰ লগত প্ৰেম আৰু যৌনতাৰ চালনাৰে সেই কোম্পানীটো আৰু নৌসেনাৰ তথ্য আহৰণ কৰে।

অভিযোগ অনুসৰি ৰবিক বিশাল পৰিমাণৰ ধনেৰে প্ৰলোভিত কৰে প্ৰীতি নামৰ যুৱতীগৰাকীয়ে। এ টি এছৰ সূত্ৰ অনুসৰি ২০২৪ চনৰ নৱেম্বৰৰ পৰা ২০২৫ চনৰ মাৰ্চলৈকে মুম্বাইৰ নৌসেনাৰ ঘাটি, যুদ্ধজাহাজ আৰু নৌসেনাৰ সৈতে জড়িত গোপন তথ্য ৰবিয়ে সৰবৰাহ কৰিছিল।

Related News