NORTHEAST NOW (Assamese)

বাণিজ্যিক বৈঠকৰ খৰচৰ বাবদ প্ৰায় ডেৰ কোটি অনাদায়! মহাৰাষ্ট্ৰৰ চৰকাৰলৈ আইনী জাননী চুইছ সংস্থাৰ

October 6, 2024 9:59 am · এন ই নাও নিউজ, গুৱাহাটী
মহাৰাষ্ট্ৰ চৰকাৰৰ মুখ্যমন্ত্ৰী একনাথ শিন্দে আৰু দুই উপ মুখ্যমন্ত্ৰী ক্ৰমে দেবেন্দ্ৰ ফাড়নবিছ আৰু অজিত পাৱাৰ।

ছুইজাৰলেণ্ডৰ ডাভোছত অনুষ্ঠিত বাণিজ্যিক বৈঠকত অভ্যৰ্থনা আৰু আপ্যায়ন সেৱাৰ বাবদ প্ৰায় ডেৰ কোটি টকা আদায় দিবলৈ বাকী আছে। এই সন্দৰ্ভত ছুইজাৰলেণ্ডৰ এটা সংস্থাই মহাৰাষ্ট্ৰৰ একনাথ শিন্দেৰ চৰকাৰলৈ আইনী জাননী প্ৰেৰণ কৰিছে। সংবাদ সংস্থাৰ বাতৰিত এই কথা প্ৰকাশ পাইছে।

মহাৰাষ্ট্ৰ চৰকাৰৰ প্ৰতিনিধিৰ বৃহৎ খৰচ আৰু এই বকেয়াক লৈ বিৰোধী ‘মহাবিকাশ আঘাৰি’ মিত্ৰজোঁটে মহাৰাষ্ট্ৰৰ শিৱসেনা, বিজেপি আৰু এনচিপি মিত্ৰজোঁটৰ চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছে।

চলিত বৰ্ষৰ আৰম্ভণিতে ১৫ জানুৱাৰীৰ পৰা ১৯ জানুৱাৰীলৈকে ডাভোছত বিশ্ব অৰ্থনৈতিক মঞ্চ (ৱৰ্ল্ড ইকোনমিক ফৰাম) অনুষ্ঠিত হৈছিল। এই সন্মিলনলৈ বিনিয়োগকাৰী আকৰ্ষণ কৰিবলৈ গৈছিল মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শিন্দে আৰু অন্যান্য মন্ত্ৰীসকল।

লগতে পঢ়কঃ অসম সন্মিলিত মৰ্চা কৰা হ’ল অসমৰ বিৰোধী মঞ্চৰ নাম; ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলাৰ প্ৰস্তুতি!

তেওঁলোকৰ সেৱা প্ৰদান কৰা চুইজাৰলেণ্ডৰ কোম্পানীটোৱে দাবী কৰিছে যে সেই খৰচৰ বাবে মহাৰাষ্ট্ৰ ঔদ্যোগিক উন্নয়ন নিগমে ইতিমধ্যে ৩ কোটি ৭৫ লাখ টকা দিছে যদিও ১ কোটি ৫৮ লাখ টকা দিবলৈ বাকী আছে।

মহাৰাষ্ট্ৰ ঔদ্যোগিক উন্নয়ন নিগমৰ লগতে সংস্থাটোৱে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী শিণ্ডেৰ সচিবালয়, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰলৈ জাননী প্ৰেৰণ কৰিছে। তেওঁলোকৰ বক্তব্যৰ সমৰ্থনত চুইজাৰলেণ্ডৰ কোম্পানীটোৱেও সকলো বিল প্ৰেৰণ কৰিছে।

এনে পৰিপ্ৰেক্ষিতত মহাৰাষ্ট্ৰ ঔদ্যোগিক উন্নয়ন নিগমৰ মুখ্য কাৰ্যবাহী বিষয়াই জানিবলৈ দিয়ে যে বিষয়টো চোৱাচিতা কৰি থকা হৈছে। সেই ৰাজ্যৰ উদ্যোগ মন্ত্ৰী উদয় সামন্তই অৱশ্যে জাননী লাভ কৰাৰ কথা স্বীকাৰ কৰে। তেওঁ কয়, ‘’আমি অতিৰিক্ত খৰচ নকৰো। এই সকলোবোৰ অভিযোগ বিৰোধী বিধায়কে উত্থাপন কৰিছে। আমাৰ আইনী দলটোৱে সেই জাননীৰ প্ৰতি সঁহাৰি জনাব।”

লগতে পঢ়কঃ শীত তাপ নিয়ন্ত্ৰিত কোঠাত শিক্ষাগ্ৰহণ কৰাৰ সুবিধা পালে ৰাজ্যৰ প্ৰথমখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে

বিৰোধী দল শিৱসেনা (ইউ বি টি), কংগ্ৰেছ, এন চি পি (এছ পি)য়ে অৱশ্যে মহাৰাষ্ট্ৰৰ ভাৱমূৰ্তি বিশ্বত ক্ষতিগ্ৰস্ত হোৱাৰ অভিযোগ উত্থাপন কৰিছে।

Related News