NORTHEAST NOW (Assamese)

‘বিজেপিৰ হেঁচাত কৃষক বিদ্ৰোহৰ বিপক্ষে শচীন-লতা আদি তাৰকাৰ টুইট’ : তদন্তৰ নিৰ্দেশ মহাৰাষ্ট্ৰ চৰকাৰৰ

February 8, 2021 6:49 pm · এন ই নাও নিউজ
Updated: February 9, 2021 6:56 am

দিল্লীৰ সীমান্ত অঞ্চলৰ কৃষক বিদ্ৰোহৰ সপক্ষে-বিপক্ষে সামাজিক মাধ্যম তথা টুইটাৰৰ যুঁজে এক আকৰ্ষণীয় ৰূপ ধাৰণ কৰিছে।

প’পষ্টাৰ ৰিহানা, বিশ্বৰ প্ৰখ্যাত পৰিৱেশ কৰ্মী গ্ৰেটা থুনবাৰ্গে দিল্লী সীমান্তৰ কৃষক বিদ্ৰোহৰ সমৰ্থনত টুইট কৰাৰ লগে লগে ভাৰতৰ একাংশ প্ৰভাৱশালী তাৰকাই চৰকাৰৰ সপক্ষে টুইট কৰিবলৈ আৰম্ভ কৰিছিল।

ভাৰতীয় তাৰকাসকলে আন্তজাৰ্তিক তাৰকাসকলক ভাৰত আভ্যন্তৰীণ বিষয়ত মন্তব্য কৰাৰ অধিকাৰ নাই বুলি দাবী কৰি তেওঁলোকে ভাৰতৰ বিৰুদ্ধে প্ৰপাগ’ণ্ডা বিয়পোৱা হেজষ্টেগৰ এক কেম্পেইনৰো আৰম্ভ কৰিছিল।

ইয়াৰ ভিতৰত আছে ক্ৰিকেটৰ ভগৱানখ্যাত শচীন টেণ্ডুলকাৰ, লতা মংগেশকাৰ, বিৰাট কোহলী, ৰোহিতচ শৰ্মাসহ বলিউদ আৰু ভাৰতীয় ক্ৰিকেট জগতৰ একাংশ তাৰকা।

ভাৰতীয় তাৰকাসকলে চাপত পৰি কৃষক বিদ্ৰোহৰ বিৰুদ্ধে টুইট কৰিছিল নেকি? এই প্ৰশ্ন এতিয়া উত্থাপন কৰিছে মহাৰাষ্ট্ৰ চৰকাৰে। মহাৰাষ্ট্ৰ চৰকাৰে এই প্ৰশ্নৰ উত্তৰ বিচাৰি ইয়াৰ তদন্তৰ নিৰ্দেশ দিয়া বুলি প্ৰকাশ পাইছে সংবাদ মাধ্যমত।

সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি মহাৰাষ্ট্ৰ চৰকাৰৰ গৃহমন্ত্ৰী অণিল দেশমুখে শচীন টেণ্ডুলকাৰ, লতা মংগেশকাৰ, অক্ষয় কুমাৰ, বিৰাট কোহলি দৰে তাৰকাই ৰিহানা আৰু গ্ৰেটাৰ টুইটৰ বিপক্ষে কৰা টুইটৰ পৰীক্ষা কৰিবলৈ তদন্তৰ নিৰ্দেশ দিছে।

ভাৰতীয় তাৰকাসকলে মোদী চৰকাৰৰ চাপত পৰিহে টুইট কৰিছিল নে, বিতৰ্কিত কৃষি আইন বিৰোধ বা সমৰ্থনত টুইট কৰিছে সেই সকলোবোৰ দিশৰে তদন্ত কৰা হ’ব বুলি জানিব পৰা গৈছে।

Related News