মহাৰাষ্ট্ৰৰ বিধায়কৰ উদ্ভট মন্তব্য-‘গৰাকী বিহীন পথৰ কুকুৰবোৰ ভক্ষণৰ বাবে অসমলৈ পঠিয়াওক’

বিতৰ্ক সৃষ্টি কৰা এক উদ্ভট মন্তব্যৰে মহাৰাষ্ট্ৰৰ এজন বিধায়কে সংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ ৰাজ্যখনৰ পথৰ গৰাকীবিহীন কুকুৰবোৰ অসমলৈ পঠোৱাৰ প্ৰস্তাৱ দিছে। বিধানসভাত ভাষণ দি প্ৰহৰ জনশক্তি পাৰ্টিৰ বিধায়ক বাচ্চু কাডুৱে কয় যে অসমৰ স্থানীয় লোকসকলে কুকুৰ ভক্ষণ কৰে।

তেওঁ ৰাজ্যখনত পথৰ গৰাকীবিহীন কুকুৰৰ দ্বাৰা সৃষ্টি হোৱা সমস্যা সন্দৰ্ভত বিধায়ক প্ৰতাপ সৰনায়ক আৰু অতুল ভাটখালকাৰৰ দ্বাৰা উত্থাপিত মনোযোগ আকৰ্ষণকাৰী প্ৰস্তাৱৰ ওপৰত হোৱাত আলোচনাত ভাষণ দিছিল।

লগতে পঢ়ক: অবৈধভাৱে বসবাসৰ অভিযোগ! মহাৰাষ্ট্ৰত ১৮ জন বাংলাদেশীক গ্ৰেপ্তাৰ

কাডুৱে ৰাস্তাত পোৱা পোহনীয়া কুকুৰৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ এক কাৰ্য পৰিকল্পনাৰ পৰামৰ্শ দি কয় যে পৰীক্ষাটো এখন চহৰত আৰম্ভ কৰা উচিত।

তেওঁ কয়, “অসমত পথৰ গৰাকীবিহীন কুকুৰৰ চাহিদা আছে। তেওঁলোকে ৮,০০০ টকালৈকে বিক্ৰী মূল্য লাভ কৰে। ৰাজ্যখনত পথৰ গৰাকীবিহীন কুকুৰৰ সংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ সেইবোৰক অসমলৈ প্ৰেৰণ কৰা উচিত।”

বিধায়কজনৰ মন্তব্যই পশু অধিকাৰ কৰ্মীসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আৰু তেওঁৰ পৰামৰ্শটোক অমানৱীয় আৰু আপত্তিজনক বুলি সমালোচনা কৰিছে।

লগতে পঢ়ক: ফিলিপাইনছত বন্দুকধাৰীৰ গুলীত নিহত গভৰ্ণৰকে ধৰি ৮ জন; এজনক হত্যা, ৩জনক আটক আৰক্ষীৰ

ইয়াৰ পূৰ্বে ঝাৰখণ্ডৰ বিজেপি বিধায়ক বিৰাঞ্চী নাৰায়ণে পথৰ কুকুৰে মানুহক আক্ৰমণ কৰাৰ বিষয়টো উত্থাপন কৰি কৈছিল যে যদি ৰাজ্য চৰকাৰে সমস্যাটোৰ সমাধান বিচাৰি নাপায়, তেন্তে নাগালেণ্ডৰ লোকসকলক মাতক আৰু সমস্যাটো দূৰ হৈ যাব।