কোন কাটাপ্পা কোন বাহুবলী! গুৱাহাটীত দেখা গৈছে কাটাপ্পা আৰু বাহুবলীক

Maharashtra crisis

গুৱাহাটীৰ লংকেশ্বৰত দেখিবলৈ পোৱা গৈছে কাটাপ্পা আৰু বাহুবলীক। দক্ষিণৰ জনপ্ৰিয় চিনেমা বাহুবলীৰ এটা বিশেষ দৃশ্যৰ ছবিৰ দ্বাৰা মহানগৰীত ভুমুকি মাৰিছে কাটাপ্পা আৰু বাহুবলীয়ে।

পিছে চিনেমাখন মুকলি হোৱা কেইবাটাও বছৰ বাগৰি যোৱাৰ পিছত আকৌ কিয় এইদৰে বাহুবলীৰ পোষ্টাৰিং কৰা হৈছে!

প্ৰকৃততে এই পোষ্টাৰৰ সমল হৈছে গুৱাহাটীত আশ্ৰয় লৈ থকা মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকল।

পোষ্টাৰখনত লিখা হৈছে ‘”সমগ্ৰ দেশে চাই আছে, গুৱাহাটীত লুকাই থকা বিশ্বাসঘাতক সকলক জনতাই ক্ষমা নকৰিব”।

কাটাপ্পা আৰু বাহুবলীৰ ছবি সম্বলিত এই পোষ্টাৰিং কৰিছে ৰাষ্ট্ৰবাদী কংগ্ৰেছ পাৰ্টী চমুকৈ এন চি পিৰ যুৱ সংগঠন ৰাষ্ট্ৰবাদী যুৱ কংগ্ৰেছে।

মহাৰাষ্ট্ৰত উদ্ধৱ থাকৰে চৰকাৰৰ অন্যতম অংশীদাৰ এন চি পি। বৰ্তমানেও এন চি পিয়ে উদ্ধৱ থাকৰেৰ প্ৰতিয়ে সমৰ্থন আগবঢ়াই আছে।

আনপিনে, একনাথ সিন্দেৰ নেতৃত্বত শিৱসেনাৰ সৈতে এন চি পিৰো কেইবাজনো বিসম্বাদী বিধায়ক হোটেল ৰেডিচন ব্লুত আশ্ৰয় লৈ আছে।

তদুপৰি যোৱা নিশা গুৱাহাটীৰ বৰাগাঁৱত দেখা গৈছে একনাথ সিন্দেৰ সমৰ্থনত এখন বিশেষ হৰ্ডিং। #HindutvaForever বুলি লিখা হৰ্ডিং খনত হিন্দীত লিখা আছিল “গৰ্ব সে কহো হম হিন্দু হে, সিন্দে সাহাব হম আপকে সাথ হে”।

বিসম্বাদৰ ৰাজনীতিয়ে এতিয়া মহাৰাষ্ট্ৰক অস্থিৰ কৰি ৰাখিছে। আৰু এই ৰাজনীতিৰ ৰঙ্গমঞ্চ হৈ পৰিছে গুৱাহাটী মহানগৰ। এই ৰঙ্গমঞ্চৰ সাজসজ্জাৰ নামতে এইদৰে পোষ্টাৰিং কৰা হৈছে মহাৰাষ্ট্ৰত।

পিছে এই পোষ্টাৰত দেখুওৱাৰ দৰে মহাৰাষ্ট্ৰৰ ৰাজনীতিত কাটাপ্পা আৰু বাহুবলী কোন হ’ব সেয়া এতিয়াও নিৰূপণ কৰিব পৰা হোৱা নাই।