• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উদ্ধৱ থাকৰেৰ প্ৰতি নৰম বিজেপি! আকৌ পট পৰিৱৰ্তন হ’ব নেকি মহাৰাষ্ট্ৰত?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 27, 2023 6:57 pm
144
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ আৰু কংগ্ৰেছ দলৰ সৈতে মিত্ৰতাৰেৰে চৰকাৰ গঠন কৰি মুখ্যমন্ত্ৰী হোৱাৰ পাছৰে পৰা মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধাৱ থাকৰেৰ আৰু বিজেপিৰ সম্পৰ্ক অহি-নকুল সদৃশ হৈ আহিছে। প্ৰতিশোধৰ জ্বালাত থকা বিজেপিয়ে অৱশেষত একনাথ সিন্দেক মুখ্যমন্ত্ৰীত্বৰ টোপ দি শিৱসেনাক উলম্ব বিভাজন কৰে। যাৰফলত মুখ্যমন্ত্ৰীত্বৰ পৰা ছিটিকি পৰাই নহয় নিজ দল শিৱসেনাৰ উলম্ব বিভাজনকো ৰক্ষা কৰাটো ব্যৰ্থ হয় উদ্ধৱ থাকৰে।

এতিয়া বিজেপি নেতা তথা মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাদনভিছে এই উদ্ধৱ থাকৰেকে শত্ৰু নহয় বুলি কৈ নৰম হোৱা দেখা গৈছে। উপমুখ্যমন্ত্ৰী ফানদভিছে কয়, “আমি আমাৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বীক শত্ৰু বুলি গণ্য নকৰো। উদ্ধৱ থাকৰে আৰু আদিত্য থাকৰে এটা বেলেগ পথ বাছি লৈছে, আমাৰ পথ বেলেগ। আমি শত্ৰু নহয়, আমাৰ মতাদৰ্শগত পাৰ্থক্য আছে।”

অৰ্থাৎ শিৱসেনাক বিভাজিত কৰোৱাই দুয়ো ফৈদৰ মাজত অব্যাহত থকা বছৰজোৰা আইনী যুঁজে সৃষ্টি কৰা ৰাজনৈতিক পৰিৱৰ্তনক লৈ ঘঁৰিয়ালৰ চকুপানী টুকিছে শকুনি সদৃশ দেৱেন্দ্ৰ ফাডনভিছে। তেওঁ কয় যে মহাৰাষ্ট্ৰ সভ্য আৰু সংস্কৃতিবান বৈশিষ্ট্যৰ বাবে পৰিচিত, যিবোৰ ইয়াৰ অন্তৰ্নিহিত শক্তি।

উল্লেখ্য যে বিজেপিৰ সৈতে ক্ষমতাত থকা একনাথ সিন্দে ফৈদে শিৱসেনাৰ নাম আৰু প্ৰতীক লাভ কৰিছে। কিন্তু বিজেপিয়েও জানে যে মাৰাঠীৰ লোকৰ আৱেগিক সহানুভূতিৰ ঢৌ উদ্ধৱ থাকৰেৰ লগতেই থাকিব। বাবা চাহেব বাল থাকৰে প্ৰতিষ্ঠা কৰাৰ পিছৰে পৰা শিৱসেনা থাকৰে পৰিয়ালক কেন্দ্ৰ কৰিয়েই মহাৰাষ্ট্ৰত খোপনি পুটি আছে। ইফালে বাল থাকেৰেৰ প্ৰতি এতিয়াও মাৰাঠী জনতাৰ আৱেগবিহ্বল টান আছে।

ইফালে দলটো বিভাজিত হোৱাৰ লগতে দলৰ নাম আৰু প্ৰতীক হেৰুওৱাৰ পাছত উদ্ধৱ থাকৰেই মুকলিকৈ কৈছে তেওঁৰ পিতৃ বাল থাকৰেৰ উত্তৰাধিকাৰ লুণ্ঠন কৰা হৈছে আৰু বিজেপিক ইয়াৰ উচিত প্ৰতিশোধ ল’ব। বিজেপিয়ে জানে যে উদ্ধৱসেনাই আৱেগৰ ধল বোৱাই আগন্তুক সময়ত একনাথ সিন্দেৰ লগতে বিজেপিৰ প্ৰতিটো ভাবুকি সৃষ্টি কৰি তুলিব পাৰে।

ইয়াৰ মাজতে বিজেপিৰ এগৰাকী জ্যেষ্ঠ কাৰ্যকৰ্তাই দ্য ইণ্ডিয়ান এক্সপ্ৰেছক কয়, “দলটোৰ নাম আৰু প্ৰতীকৰ বাবে যুঁজখন উদ্ধৱসেনা আৰু সিন্দে ফৈদৰ মাজত হৈছিল। কিন্তু উদ্ধৱৰ সপক্ষে থকা জনসাধাৰণৰ আৱেগে বিজেপিৰ ভাবমূর্তি কলংকিত কৰিব৷ এই বছৰ হ’বলগীয়া বিএমচি নিৰ্বাচন আৰু ২০২৪ চনত লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে আমি আমাৰ ৰোডমেপ  সাৱধানে শুধৰাই দিব লাগিব।”

বিজেপিৰ আন আন নেতাসকলেও যুক্তি আগবঢ়ায় যে ২০১৯ চনত এন ডি এ ত্যাগ কৰাৰ বাবে উদ্ধৱ থাকৰেক শিক্ষা দিয়াটোৱেই আছিল দলটোৰ মূল উদ্দেশ্য আৰু সেয়া ইতিমধ্যে সাধন হৈছে। তেওঁলোকে কয় যে এতিয়া দলটো আগবাঢ়িব লাগে।

Recent News

মহিলাসকলৰ ডিম্বাশয়ৰ কৰ্কট ৰোগ: জানো আহোক ৰোগৰ কাৰণ, লক্ষণ আৰু প্ৰাৰম্ভিক চিনাক্তকৰণ প্ৰক্ৰিয়াৰ বিষয়ে…

মহিলাসকলৰ ডিম্বাশয়ৰ কৰ্কট ৰোগ: জানো আহোক ৰোগৰ কাৰণ, লক্ষণ আৰু প্ৰাৰম্ভিক চিনাক্তকৰণ প্ৰক্ৰিয়াৰ বিষয়ে…

যুদ্ধ এটা ৰোমাণ্টিক বিষয় নতুবা বলীউডৰ ছবি নহয়: প্ৰাক্তন সেনা প্ৰধান নৰৱাণ

যুদ্ধ এটা ৰোমাণ্টিক বিষয় নতুবা বলীউডৰ ছবি নহয়: প্ৰাক্তন সেনা প্ৰধান নৰৱাণ

এটাও ভোট নাপালে বঙাইগাঁৱত পঞ্চায়তৰ এইজন প্ৰাৰ্থীয়ে

এটাও ভোট নাপালে বঙাইগাঁৱত পঞ্চায়তৰ এইজন প্ৰাৰ্থীয়ে

ভাৰত-পাকিস্তানৰ ডিজিএমঅ’ৰ বৈঠক! কি স্থিতি সিন্ধু জল সন্ধিৰ?

ভাৰত-পাকিস্তানৰ ডিজিএমঅ’ৰ বৈঠক! কি স্থিতি সিন্ধু জল সন্ধিৰ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd