• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মহাৰাষ্ট্ৰত দলিত শিশুৰ ওপৰত অত্যাচাৰ, গছত ওলোটাকৈ বান্ধি প্ৰহাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 29, 2023 8:01 pm
13.9k
VIEWS
Share on FacebookShare on Twitter

মহাৰাষ্ট্ৰৰ আহমেদনগৰ জিলাৰ এখন গাঁৱত দলিত সম্প্ৰদায়ৰ দুজন নাবালককে ধৰি চাৰিজনক অৰ্ধনগ্ন কৰি গছত ওলোটাকৈ ওলোমাই থৈ প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে ভাইৰেল হৈ পৰিছে এই ঘটনাৰ এটা দুখলগা ভিডিঅ’।

খবৰ অনুসৰি পোহনীয়া ছাগলী আৰু পাৰ চুৰি কৰাৰ সন্দেহত এনে নিষ্ঠুৰতাৰ বলি হৈছিল দুই শিশুকে ধৰি দলিত যুৱককেইজন।

আৰক্ষীয়ে জনোৱা মতে, এটা উচ্চ বৰ্ণৰ দুজন আৰু অনুসূচিত জাতিৰ দুজনকে ধৰি ছয়জন ব্যক্তিৰ বিৰুদ্ধে অনুসূচিত জাতি অত্যাচাৰ প্ৰতিৰোধ আইনৰ আৰু ভাৰতীয় দণ্ডবিধিৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। 

অভিযুক্ত সকলে সন্দেহ কৰিছিল যে চাৰিওজন যুৱকে পোহনীয়া পাৰ আৰু ছাগলী চুৰি কৰিছিল। তদন্ত অনুসৰি তেওঁলোকে ভুক্তভোগীসকলক ঘৰৰ পৰা টানি উলিয়াই আনি এখন ফাৰ্মলৈ লৈ গৈছিল য’ত তেওঁলোকৰ কাপোৰ খুলি হাত-ভৰি বান্ধি গছত ওলোটাকৈ বান্ধি প্ৰহাৰ কৰিছিল। 

সৌভাগ্যক্ৰমে স্থানীয় ৰাইজে চাৰিওজনকে উদ্ধাৰ কৰি শিৰাৰামপুৰৰ এখন চিকিৎসালয়লৈ লৈ যায় আৰু পিছত ছ’চিয়েল মিডিয়াত এই আক্ৰমণৰ ভিডিঅ’ ভাইৰেল হৈ পৰে।

বঞ্চিত বহুজন আঘাদীৰ সভাপতি প্ৰকাশ আম্বেদকাৰে কয় যে, “এয়া জাতিগত অত্যাচাৰৰ স্পষ্ট গোচৰ… আমি অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছো।”

I just spoke to the one of the victims and his grandmother over a phone call.

He was thrashed, urinated upon, spitted on, forced to lick his own spit, stripped and hung upside down.

Horrific, isn’t?
This is what MY PEOPLE face everyday.

Neither this caste discrimination,… pic.twitter.com/ekkhM5iE4y

— Prakash Ambedkar (@Prksh_Ambedkar) August 27, 2023

আম্বেদকাৰে টুইটাৰত কয় যে “মই এই মাত্ৰ এজন ভুক্তভোগী আৰু তেওঁৰ আইতাকৰ সৈতে ফোনযোগে কথা পাতিলোঁ। তেওঁক ঠেলি দিয়া হৈছিল, তেওঁৰ শৰীৰত প্ৰস্ৰাৱ কৰা হৈছিল, থু পেলোৱা হৈছিল, থু চেলেকিবলৈ বাধ্য কৰা হৈছিল আৰু কাপোৰ খুলি ওলোটাকৈ ওলোমাই থোৱা হৈছিল।”

ইফালে আহমেদনগৰৰ আৰক্ষী অধীক্ষক ৰাকেশ ওলাই কয় যে ‘আমি এই গোচৰত দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছো আৰু অধিক তদন্ত অব্যাহত আছে।’

তদুপৰি স্থানীয় সংগঠনসমূহে শ্ৰীৰামপুৰ-নেৱাছা পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

Recent News

বন্ধ হ’ল জনপ্ৰিয় নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

বন্ধ হ’ল জনপ্ৰিয় নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd