NORTHEAST NOW (Assamese)

দেশজোৰা ল’কডাউনৰ মাজতে মেঘালয়ৰ মহাত্মা গান্ধী বিশ্ববিদ্যালয়ত অব্যাহত আছে অনলাইন পাঠদান

April 16, 2020 1:01 pm · কল্পজ্যোতি শইকীয়া
Updated: April 16, 2020 1:33 pm
প্ৰতিনিধিত্বমূলক ছবি

সাম্প্ৰতিক ক’ৰ’না আতঙ্কৰ পৰিপ্ৰেক্ষিতত, বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিৰ্দেশ মতে মেঘালয়ৰ মহাত্মা গান্ধী বিশ্ববিদ্যালয়ত অনলাইন পাঠদান চলাই থকা হৈছে।

মহাত্মা গান্ধী বিশ্ববিদ্যালয়ৰ শিক্ষক সকলে সকলো ছাত্ৰ ৰ সৈতে দলগতভাৱে আৰু ব্যক্তিগত ভাৱে পাঠদান কাৰ্য চলাই আছে।

সময়ে সময়ে বিশ্ববিদ্যালয়ৰ শৈক্ষিক বিষয়া আৰু শিক্ষকসকলৰ মাজত অনলাইন আলোচনা সভাৰো আয়োজন কৰা হৈছে।

উল্লেখযোগ্য যে মহাত্মা গান্ধী বিশ্ববিদ্যালয়ৰ ডিজিটেল পাঠদান ব্যৱস্থা আগৰে পৰাই সুপৰিকল্পিত ভাবে চলাই অহা হৈছে।

বিশ্ববিদ্যালয়খনৰ শৈক্ষিক ডীনৰ পৰিচালনাত বিশ্ববিদ্যালয়ৰ গৱেষণাৰত ছাত্ৰ-ছাত্ৰীসকলৰ মাজতো গৱেষণা বিষয়ৰ দিহা পৰামৰ্শ আলোচনা আদি কৰি থকা হৈছে।

বিশ্ববিদ্যালয়ৰ গৱেষণা নিৰ্দেশকসকলে ডীনৰ সৈতে আলোচনা কৰি নিজৰ নিজৰ গৱেষক ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে নিয়মীয়াকৈ আলোচনা কৰি আছে।

বিশ্ববিদ্যালয়ৰ প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ সৈতে ব্যক্তিগতভাৱেও শৈক্ষিক তথা অন্যান্য বৌদ্ধিক আলোচনা চলাই থকা হৈছে বিভিন্ন ডিজিটেল মাধ্যমেৰে।

ক’ৰ’নাজনিত ল’কডাউনৰ বাবে বিশ্ববিদ্যালয়খনত স্বাভাৱিক পাঠদান হোৱা নাই বুলি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য  মোহন ভট্টাযাৰ্যই  জানিবলৈ দিয়ে।

Related News