বলীউডত ড্ৰাগছ আৰু ছোৱালীৰ যোগান ধৰে ‘ডন’ মহেশ ভাটে, চাওঁক অভিনেত্ৰীৰ বিস্ফোৰক ভিডিঅ’
সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক আত্মহত্যাৰ ঘটনাৰ পিছতে সংবাদ শিৰোনাম দখল কৰা লোকসকলৰ ভিতৰত বলীউডৰ ছবি পৰিচালক মহেশ ভাটো এজন।
বলীউড়ত কলিৰ কৃষ্ণ হিচাবেও বহুতে জনা মহেশ ভাটৰ বিৰুদ্ধে এইবাৰ মহা বিস্ফোৰণ ঘটালে বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে।
বলীউডৰ অভিনেত্ৰী লভিনা লোধে মহেশ ভাটৰ বিৰুদ্ধে বিস্ফোৰণ ঘটাই যোৱা নিশা ইনষ্টাগ্ৰমত প্ৰকাশ কৰিছে এটা ভিডিঅ’।
View this post on Instagram
I m being harrased by Mahesh Bhatt & family. Pls support.
A post shared by Actor | Luviena Lodh (@luvienalodh) on
ভিডিঅ’টোত লভিনাই কৈছে যে মহেশ ভাটৰ ভাগিন সুমিত সৱৰৱালৰ সৈতে তেওঁ বিবাহপাশত আৱদ্ধ হৈছিল।কিন্তু সকলো কথা জনাৰ পিছত সেই সম্পৰ্কত আউল লাগিছে। লভিনাই নিজৰ স্বামী আৰু মহেশ ভাটৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে বলীউডত ড্ৰাগছ আৰু নাৰীৰ যোগান ধৰি আহিছে তেওঁৰ স্বামী আৰু মহেশ ভাটে।
মহেশ ভাটে বহু পৰিচালক, সংগীত পৰিচালক,অভিনেতা- অভিনেত্ৰীৰ জীৱন ধ্বংস কৰি পেলাইছে বুলি মন্তব্য কৰি লভিনাই কয় যে বহুতোকে কাম দিব নালাগে বুলি মহেশ ভাটে গোপনে ফোন কৰি দিয়ে।
ইয়াৰ ফলত বহুতে কাম পোৱাৰ পৰা বঞ্চিত হ’বলগীয়া হয়।
বলীউডৰ ড্ৰাগছ চক্ৰ আৰু নাৰী সৰৱৰাহ চক্ৰটো মহেশ ভাটেই পৰিচালনা কৰি আহিছে বুলি লভিনাই কয়।
লভিনাই লগতে কয় যে নিজৰ আৰু পৰিয়ালৰ নিৰাপত্তাৰ কথা চিন্তা কৰিয়েই তেওঁ এই ভিডিঅ’টো তৈয়াৰ কৰিছে।