তৃণমূলৰ সাংসদ মহুয়া মৈত্ৰই ব্যৱহাৰ কৰে লাখটকীয়া হেণ্ড বেগ! ছ’চিয়েল মিডিয়াত ছবি ভাইৰেল হোৱাৰ পিছতে সমালোচনাৰ জোৱাৰ

দেশক মূল্যবৃদ্ধিয়ে জুৰুলা কৰি থকাৰ সময়তে তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰই লাখ টকীয়া হেণ্ড বেগ ব্যৱহাৰ কৰাৰ কথাই এতিয়া বহুতকে আচৰিত কৰি তুলিছে। সংসদত মূল্যবৃদ্ধিকলৈ আলোচনা চলি থকাৰ মাজতে মহুয়া মৈত্ৰই লাখ টকা মূল্যৰ বেগ খন লুকুৱাই ৰখাৰ চেষ্টা কৰিছিল বুলি অভিযোগ উঠিছে। বেগ লুকুৱাবলৈ কৰা চেষ্টাৰ দৃশ্য কেমেৰাত বন্দী হোৱাৰ পিছতে সেই ছবি এতিয়া ভাইৰেল হৈ পৰিছে।

মহুয়া মৈত্ৰই নিজৰ বেগ লুকুৱাই ৰখাৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে বহুতে সাংসদগৰাকীক সমালোচনা কৰিছে। বহু নেটিজেনে সুধিছে যে মূল্যবৃদ্ধিৰ বিষয়টোত চৰকাৰক সমালোচনা কৰা কৰা তৃণমূলৰ সাংসদে কেনেকৈ ইমান ব্যয়বহুল হেণ্ডবেগ ব্যৱহাৰ কৰিব পাৰে।

উল্লেখ্য সোমবাৰে লোকসভাত মূল্যবৃদ্ধি সন্দৰ্ভত আলোচনাৰ সময়তে তৃণমূল কংগ্ৰেছৰ সাংসদ মহুয়া মৈত্ৰক তেওঁৰ লুই ভিট্টনৰ বেগখন লুকুৱাই ৰখা দেখা গৈছিল। যেতিয়া তৃণমূলৰ কাকলি ঘোষ দস্তিদাৰে মূল্যবৃদ্ধিৰ ওপৰত বক্তব্য ৰাখি আছিল, তেওঁৰ কাষত বহি থকা মৈত্ৰই তেওঁৰ কাষৰ আসনৰ পৰা তেওঁৰ বেগটো কঢ়িয়াই লৈ মেজৰ তলত ভৰিৰ ওচৰত ৰখা কেমেৰাত ধৰা পৰিছিল।উল্লেখ্য এটা লুই ভিট্টন বেগৰ দাম প্ৰায় ১.৫ লাখ টকা।

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ আৰম্ভণিৰ পৰাই বিৰোধী দলবোৰে মুদ্ৰাস্ফীতি, মূল্যবৃদ্ধি আৰু অন্যান্য বিষয়ত চৰকাৰক সমালোচনা কৰি আহিছে। ধাৰাবাহিকপ্ৰতিবাদৰ পিছত চৰকাৰে সোমবাৰে লোকসভাত আৰু মঙলবাৰে ৰাজ্যসভাত মূল্যবৃদ্ধিৰ বিষয়টো আলোচনা কৰিবলৈ সন্মত হয়।