NORTHEAST NOW (Assamese)

আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত অভয়াকুটিৰ দুই ভগ্নীৰ ধৰ্ষণ আৰু হত্যাৰ অভিযুক্ত

June 17, 2021 12:44 pm · এন ই নাও নিউজ

কোকৰাঝাৰৰ অভয়াকুটিৰ চাঞ্চল্যকৰ ধৰ্ষণ আৰু হত্যাৰ অন্যতম মূল অভিযুক্ত ফৰিজুল ৰহমান কোকৰাঝাৰ আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত হৈছে।

অভয়াকুটিৰ অভয়াকুটিৰ ধৰ্ষণ আৰু হত্যাকাণ্ড সংঘটিত হোৱাৰ ২৪ ঘণ্টাৰ পাছতে আৰক্ষীয়েতিনিজন মূল অভিযুক্ত ক্ৰমে মুজাম্মেল শ্বেখ (২০) , নজিবুল আলি(১৯) আৰু ফৰিজুল ৰহমান(২২)ক  গ্ৰেপ্তাৰ কৰিছিল ।

আৰক্ষীৰ মাৰাথন জেৰাত অভিযুক্ত তিনিজনে নিজৰ দোষ স্বীকাৰ কৰে আৰু এজন অভিযুক্ত ফৰিজুল ৰহমানে  ধৰ্ষণ আৰু হত্যাৰ বলি হোৱা এগৰাকী কিশোৰীৰ মোবাইল এটা শালবাৰী এলেকাত লুকুৱাই থোৱা বুলি স্বীকাৰোক্তি দিয়ে।

বুধবাৰে নিশা আৰক্ষীৰ তদন্তকাৰী দলে অভিযুক্ত ফৰিজুলক শালবাৰী এলেকালৈ লৈ যোৱাৰ সময়ত বেদলেংমাৰীত উপস্থিত হোৱাৰ পিছত লুকুৱাই থোৱা মোবাইলটো দেখুওৱাৰ চলেৰ ফৰিজুলে গভীৰ জংঘলৰ ভিতৰলৈ সোমাই যায়।

তাৰ মাজতে প্ৰথমতে অভিযুক্ত ফৰিজুলে হেণ্ডকাফ ধৰি থকা কনিষ্টবলজনক আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰি ব্যৰ্থ হয় যদিও কনিষ্টবল জনৰ সৈতে হোৱা  টনা-আজোৰাৰ ফলত হেণ্ডকাফত লাগি ফৰিজুলৰ হাতত আঘাত লাগে।

ইয়াৰ অলপ পিছতে  ফৰিজুলে পুনৰ মোবাইল বিচৰাৰ অজুহাতত এন্ধাৰ আৰু গভীৰ জংঘলৰ সুযোগ লৈ আৰক্ষীক আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰাত আৰক্ষীয়ে বাধ্য হৈ দুঁজাই গুলীচালনা কৰে। আৰক্ষীৰ গুলী ভৰিত লগাৰ ফলত গুৰুতৰভাৱে আহত হয় ফৰিজুল।

আৰক্ষীয়ে গুৰুতৰভাৱে আহত ফৰিজুলক কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত ভৰ্তি কৰে যদিও পাছত উন্নত চিকিৎসাৰ বাবে বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰায়।

Related News