ডুমডুমাত সাম্প্ৰদায়িক সংঘাতৰ সৃষ্টি কৰা ফেচবুক প’ষ্টৰ গৰাকী আজিজ খানক গ্ৰেপ্তাৰ

41719300_896528367404613_8212830819824173056_n

এটা ফেচবুক প’ষ্টক কেন্দ্ৰ কৰি তিনিচুকীয়া জিলাৰ ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত বৰহাপজানত শুকুৰবাৰে দুটা ফৈদৰ মাজত সৃষ্টি হোৱা প্ৰচণ্ড সংঘাতৰ মূল অভিযুক্ত আজিজ খানক আৰক্ষীয়ে কালি নিশা ডিব্ৰুগড়ৰ পৰা আটক কৰে।

প্ৰাপ্ত তথ্য মতে আজিজ খান নামৰ যুৱকজনে ফেচবুকত এটা সাম্প্ৰদায়িক প’ষ্ট দিয়াক লৈ কালি ডুমডুমাৰ লংছোৱালত এক উত্তপ্ত পৰিস্থতিৰ সৃষ্টি হৈছিল। আৰু ইয়াৰ পাছৰে সমাজত সাম্প্ৰদায়িক বিষবাষ্প বিলোৱা আজিজ খান পলাতক অৱস্থাত আছিল।

পলাতক আজিজ খানক বিছাৰি আৰক্ষীয়ে ক্ষীপ্ৰতাৰে অভিযান আৰম্ভ কৰি নিশা ডিব্ৰুগড়ৰ পৰা আটক কৰিবলৈ সক্ষম হয়। আজিজ খানৰ উপৰি ঘটনা সংক্ৰান্তত জড়িত থকা আন তিনিজন অভিযুক্ত ক্ৰমে মঃ হাবিবুল্লা, মঃ চবিৰ হাচান আৰু মঃ নাৰ্চিকো আৰক্ষীয়ে আটক কৰে।

উল্লেখ্য যে ফেচবুক প’ষ্ট দিয়াক কেন্দ্ৰ কৰি কালি একাংশ লোকে ডুমডুমাৰ লংছোৱালত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ কৰিছিল।

সেই সময়তে আজিজৰ প্ৰায় ২০ জনীয়া সমৰ্থকৰ এটা দলে বাইকেৰে আহি ৰাজপথত উদ্ভণ্ডালি চলোৱাৰ লগতে প্ৰতিবাদকাৰী সকলৰ ওপৰত শিলগুটি নিক্ষেপ কৰে। ফলত প্ৰায় ১৫জন লোক আঘাতপ্ৰাপ্ত হয়।

ইয়াৰ পিছতে পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত আৰক্ষীয়ে লাঠীচালনা কৰাৰ লগতে কন্দুৱা গেছ আৰু শূন্যলৈও গুলীচালনা কৰা পৰিলক্ষিত হৈছিল। আৰক্ষীৰ লাঠীচালনাত দুয়োটা পক্ষৰ প্ৰায় ২০ জনকৈ লোক আঘাতপ্ৰাপ্ত হৈছিল।

উল্লেখ্য যে এই ঘটনাৰ পাছতে ঘটনাস্থলীত তিনিচুকীয়া জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অঞ্চলটোত আৰক্ষী আৰু অৰ্ধসামৰিক লোকক মোতায়েন কৰাৰ লগতে জিলাখনত ১৪৪ ধাৰা জাৰি কৰিছিল।