NORTHEAST NOW (Assamese)

অম্বুবাচী মেলা : ‘মা’ৰ দৰ্শনৰ বাবে মুকলি হ’ল মন্দিৰৰ মুখ্যদ্বাৰ

June 26, 2019 9:32 am · এন ই নাও নিউজ
Updated: June 26, 2019 9:42 am
মা কামাখ্যাত দৰ্শনাৰ্থীৰ আশিষ গ্ৰহণ

নীলাচল পাহাৰৰ বুকুত অৱস্থিত শক্তিপীঠ কামাখ্যাত অনুষ্ঠিত হোৱা ঐতিহ্যমণ্ডিত মহা অম্বুবাচী মেলাৰ অন্তিমটো দিনত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লাখ লাখ ভক্তৰ সমাগমেৰে ভৰি পৰে নীলাচল পাহাৰৰ সেউজ বক্ষ।

মা কামাখ্যাৰ আশিস বিচাৰি অহা বিভিন্ন প্ৰান্তৰ সাধু, সন্নাসী তথা ভক্ত, দৰ্শনাৰ্থীসকলে কামাখ্যা ধামত অম্বুবাচী মেলাৰ সময়ত উপস্থিত হৈ এখন সুন্দৰ পৃথিৱীৰ বাবে প্ৰাৰ্থনা কৰে।

উল্লেখযোগ্য যে, অম্বুবাচী মেলাৰ সময়ত মন্দিৰৰ মুখ্যদ্বাৰ তিনিদিনৰ বাবে বন্ধ থকাৰ পাছত ‘মা’ ৰ দৰ্শনৰ বাবে আজি সম্পূৰ্ণ পৰস্পৰাগত নীতি-নিয়ম অনুসৰি মুখ্যদ্বাৰ খুলি দিয়া হ’য়।

কামাখ্যা দেৱালয়ৰ বৰদলৈ মোহিত চন্দ্ৰ শৰ্মাই জনোৱা অনুসৰি আজি দিনৰ ২ বাজি ৪ মিনিট ২২ ছেকেণ্ডত দেৱীৰ নিবৃত্তি হ’ব। মন্দিৰৰ ৰীতি-নীতি অনুযায়ী আজি ৰাতিপুৱা ৬ বজাত দেৱী মাৰ স্নান আৰু পূজা অৰ্চনা সম্পন্ন হোৱাৰ পাছত মুখ্য দ্বাৰ দৰ্শনাৰ্থীসকলৰ বাবে মুকলি কৰি দিয়া হয়।

আনহাতে, কামাখ্যা দেৱালয়ৰ সৰু দলৈ কোবিন্দ্ৰ প্ৰসাদ শৰ্মাই জনোৱা মতে ২৬ আৰু ২৭ জুনত মন্দিৰ দৰ্শনৰ বাবে থকা ৫০১ টকা আৰু ৫১ টকাৰ টিকটৰ ব্যৱস্থা বন্ধ থকাৰ লগতে ৩০ জুন পৰ্যন্ত প্ৰতিৰক্ষা বাহিনীৰ বিশেষ টিকটৰ ব্যৱস্থা বন্ধ থাকিব।

চলিত অম্বুবাচী মেলাৰ আইন শৃংখলা আৰু তীৰ্থযাত্ৰীৰ সুৰক্ষাৰ ব্যৱস্থাৰ বাবে দেৱালয়ৰ নিজা ১২০জন স্থায়ী সুৰক্ষা কৰ্মীৰ লগতে ৪০০ জন স্কাউচ গাইড,  ৪০০জন অস্থায়ী সুৰক্ষা কৰ্মী নিয়োগ কৰাৰ লগতে দেৱালয়ৰ চৌপাশে ৩০০ চি চি টি ভি কেমেৰা স্থাপন কৰা হৈছিল।

Related News