NORTHEAST NOW (Assamese)

লেঃ জেনেৰেললৈ পদোন্নতি : ভাৰতীয় সেনাৰ শীৰ্ষ পদত অসম সন্তান ৰাণা প্ৰতাপ কলিতা

March 15, 2019 10:25 am · এন ই নাও নিউজ
মেজৰ জেনেৰেল ৰাণা প্ৰতাপ কলিতা (সোঁফালে)। ফাইল ফটো : টিএছটি

ভাৰতীয় সেনাৰ শীৰ্ষ পদত অধিষ্ঠিত হৈছে অসম সন্তান ৰাণা প্ৰতাপ কলিতা। কামৰূপ জিলাৰ ৰঙিয়াৰ শান্তিপুৰৰ ৰাণা প্ৰতাপ কলিতাই ভাৰতীয় সেনাৰ লেফটেনেণ্ট জেনেৰেল পদলৈ পদোন্নতি লাভ কৰিছে। কলিতাৰ এনে সাফল্যত ৰঙিয়াবাসীৰ লগতে সমগ্ৰ অসমবাসী উৎফুল্লিত হৈ পৰিছে।

বৰ্তমান নতুন দিল্লীত ভাৰতীয় সেনাৰ মেজৰ জেনেৰেল হিচাপে কৰ্মৰত ৰাণা প্ৰতাপ কলিতাই সেনাৰ বিভিন্ন গুৰুত্বপূৰ্ণ পদত দক্ষতাৰে কাৰ্যনিৰ্বাহ কৰি আহিছে।

কলিতাই ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰাৰ পাছত গোৱালপাৰাৰ সৈনিক স্কুলতো অধ্যয়ন কৰিছিল। ১৯৮৪ চনত ভাৰতীয় সেনাৰ কুমাও ৰেজিমেণ্টৰ কমিছন বিষয়া হিচাপে যোগদান কৰি ৰাণা প্ৰতাপ কলিতাই কাশ্মীৰত ১৩ ৰাষ্ট্ৰীয় ৰাইফলছ, লক্ষ্ণৌত ৭১ ইনফেণ্ট্ৰি ব্ৰিগেড আৰু কাশ্মীৰৰ বাৰামুলাৰ এল অ’ চিত ১৯ ইনফেণ্ট্ৰি ডিভিজনকো নেতৃত্ব দিয়াৰ কৃতিত্ব বহন কৰিছে।

কলিতাই ইয়াৰ উপৰি শ্ৰীনগৰত ভাৰতীয় সেনাৰ ১৫ ক’ৰৰ ব্ৰিগেডিয়েৰ জেনেৰেল হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তদুপৰি,তেওঁ ৰাষ্ট্ৰসংঘৰ শান্তি বাহিনীৰো সদস্য আছিল।

আনহাতে, প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ অন্তিম যাত্ৰাত মেজৰ জেনেৰেল কলিতা অতি নিবিড়ভাৱে জড়িত আছিল। যোৱা বছৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী গৰাকীৰ অন্তিম সংস্কাৰ ভাৰতীয় সেনাই অত্যন্ত শৃংখলাবদ্ধ তথা সুকলমে সম্পন্ন কৰিছিল আৰু গোটেই অনুষ্ঠানটোৰ সমন্বয়ক হিচাপে কলিতাি দায়িত্ব পালন কৰিছিল।

ৰঙিয়াৰ প্ৰয়াত শিক্ষক যোগেন কলিতাৰ সন্তান ৰাণা প্ৰতাপ কলিতাৰ পুত্ৰ  নিশান্ত কলিতাও ভাৰতীয় সেনাৰ এগৰাকী বিষয়া হিচাপে কৰ্মৰত। তেওঁৰ ৰঙিয়াৰ বাসগৃহত বৰ্তমান মাতৃকে ধৰি ভাতৃ আৰু আন আত্মীয় লোকে বাস কৰে।

উল্লেখযোগ্য যে ৰাণা প্ৰতাপ কলিতাই তেওঁৰ দক্ষতাৰ স্বীকৃতি হিচাপে যোৱা বছৰ ভাৰতীয় সেনাৰ ‘অতি বিশিষ্ট সেৱা মেডেল’ (এ ভি এছ এম) লাভ কৰিছিল।

Related News