• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লেঃ জেনেৰেললৈ পদোন্নতি : ভাৰতীয় সেনাৰ শীৰ্ষ পদত অসম সন্তান ৰাণা প্ৰতাপ কলিতা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 15, 2019 10:25 am
RP-Kalita-750x375

মেজৰ জেনেৰেল ৰাণা প্ৰতাপ কলিতা (সোঁফালে)। ফাইল ফটো : টিএছটি

2.2k
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় সেনাৰ শীৰ্ষ পদত অধিষ্ঠিত হৈছে অসম সন্তান ৰাণা প্ৰতাপ কলিতা। কামৰূপ জিলাৰ ৰঙিয়াৰ শান্তিপুৰৰ ৰাণা প্ৰতাপ কলিতাই ভাৰতীয় সেনাৰ লেফটেনেণ্ট জেনেৰেল পদলৈ পদোন্নতি লাভ কৰিছে। কলিতাৰ এনে সাফল্যত ৰঙিয়াবাসীৰ লগতে সমগ্ৰ অসমবাসী উৎফুল্লিত হৈ পৰিছে।

বৰ্তমান নতুন দিল্লীত ভাৰতীয় সেনাৰ মেজৰ জেনেৰেল হিচাপে কৰ্মৰত ৰাণা প্ৰতাপ কলিতাই সেনাৰ বিভিন্ন গুৰুত্বপূৰ্ণ পদত দক্ষতাৰে কাৰ্যনিৰ্বাহ কৰি আহিছে।

কলিতাই ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰাৰ পাছত গোৱালপাৰাৰ সৈনিক স্কুলতো অধ্যয়ন কৰিছিল। ১৯৮৪ চনত ভাৰতীয় সেনাৰ কুমাও ৰেজিমেণ্টৰ কমিছন বিষয়া হিচাপে যোগদান কৰি ৰাণা প্ৰতাপ কলিতাই কাশ্মীৰত ১৩ ৰাষ্ট্ৰীয় ৰাইফলছ, লক্ষ্ণৌত ৭১ ইনফেণ্ট্ৰি ব্ৰিগেড আৰু কাশ্মীৰৰ বাৰামুলাৰ এল অ’ চিত ১৯ ইনফেণ্ট্ৰি ডিভিজনকো নেতৃত্ব দিয়াৰ কৃতিত্ব বহন কৰিছে।

কলিতাই ইয়াৰ উপৰি শ্ৰীনগৰত ভাৰতীয় সেনাৰ ১৫ ক’ৰৰ ব্ৰিগেডিয়েৰ জেনেৰেল হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তদুপৰি,তেওঁ ৰাষ্ট্ৰসংঘৰ শান্তি বাহিনীৰো সদস্য আছিল।

আনহাতে, প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ অন্তিম যাত্ৰাত মেজৰ জেনেৰেল কলিতা অতি নিবিড়ভাৱে জড়িত আছিল। যোৱা বছৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী গৰাকীৰ অন্তিম সংস্কাৰ ভাৰতীয় সেনাই অত্যন্ত শৃংখলাবদ্ধ তথা সুকলমে সম্পন্ন কৰিছিল আৰু গোটেই অনুষ্ঠানটোৰ সমন্বয়ক হিচাপে কলিতাি দায়িত্ব পালন কৰিছিল।

ৰঙিয়াৰ প্ৰয়াত শিক্ষক যোগেন কলিতাৰ সন্তান ৰাণা প্ৰতাপ কলিতাৰ পুত্ৰ  নিশান্ত কলিতাও ভাৰতীয় সেনাৰ এগৰাকী বিষয়া হিচাপে কৰ্মৰত। তেওঁৰ ৰঙিয়াৰ বাসগৃহত বৰ্তমান মাতৃকে ধৰি ভাতৃ আৰু আন আত্মীয় লোকে বাস কৰে।

উল্লেখযোগ্য যে ৰাণা প্ৰতাপ কলিতাই তেওঁৰ দক্ষতাৰ স্বীকৃতি হিচাপে যোৱা বছৰ ভাৰতীয় সেনাৰ ‘অতি বিশিষ্ট সেৱা মেডেল’ (এ ভি এছ এম) লাভ কৰিছিল।

Recent News

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd