ভাৰতীয় শিবিৰত মোক্ষম আঘাতঃ টেষ্ট শৃংখলাৰ পৰা বাহিৰ ছামি, অনিশ্চিত জাদেজাও

India vs England Mohammed Shami Ravindra Jadeja

শুকুৰবাৰৰ পৰা বিশাখাপট্টনমত আৰম্ভ হ’ব ভাৰত-ইংলেণ্ডৰ মাজৰ চলিত টেষ্ট শৃংখলাৰ দ্বিতীয়খন টেষ্ট। ইতিমধ্যে প্ৰথম টেষ্টত জয়েৰে শৃংখলাত ১-০ৰ অগ্ৰগতি লাভ কৰিছে ভ্ৰমণকাৰী দল ইংলেণ্ডে।

গতিকে কাইলৈৰ পৰা আৰম্ভ হ’বলগা মেচখনত প্ৰবল আত্মবিশ্বাসেৰে খেলপথাৰত নামিব ইংলেণ্ড। আনহাতে ঘৰুৱা দল ভাৰতে স্বাভাৱিকতেই এই মেচখনত জয়েৰে শৃংখলাত সমতা স্থাপনৰ চেষ্টা চলাব।

অৱশ্যে এই ক্ষেত্ৰত ভাৰতীয় দল কিছু চাপৰ সন্মুখীনো হ’ব। কিয়নো দলৰ দুই অভিজ্ঞ তাৰকা ৰবীন্দ্ৰ জাদেজা আৰু কে এল ৰাহুল আঘাতৰ বাবে ইতিমধ্যেই দ্বিতীয় টেষ্টৰ পৰা বাহিৰ হৈছে।

এই দুই তাৰকাৰ অনুপস্থিতি ভাৰতীয় দলত অৱশ্যেই অনুভৱ হ’ব। ইতিমধ্যে এই দুই তাৰকাৰ ৱাশ্বিংটন সুন্দৰ, সৌৰভ কুমাৰ আৰু ছৰফৰাজ খানক দলত অন্তৰ্ভুক্ত কৰা হৈছে।

লক্ষণীয়ভাৱে পাঁচখনীয়া মেচত এই শৃংখলাটোৰ প্ৰথম দুখন মেচৰ বাবেহে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ইতিপূৰ্বে দল ঘোষণা কৰিছিল। শৃংখলাৰ অন্তিম তিনিখন মেচৰ বাবে অদ্যপি দল ঘোষণা কৰা নাই বিচিচিআইয়ে।

দ্বিতীয় টেষ্টৰ বাবে আঘাতৰ সমস্যাক লৈ চিন্তিত ভাৰতীয় দলক এতিয়া আন এক খবৰে চিন্তিত কৰি তুলিছে। আঘাতৰ বাবে প্ৰথম দুখন টেষ্টত উপলব্ধ নোহোৱা অভিজ্ঞ পেচাৰ মহম্মদ ছামি এতিয়া সমগ্ৰ শৃংখলাৰ পৰাই বাহিৰ হৈছএ।

বিগত বৰ্ষৰ এদিনীয়া বিশ্বকাপত চমকপ্ৰদ প্ৰদৰ্শনেৰে সৰ্বোচ্চ উইকেট দখলকাৰী হিচাপে পৰিণত হোৱা ছামি বিশ্বকাপৰ পিছৰ পৰাই ক্ৰিকেটৰ পৰা আঁতৰি আছে। প্ৰকাশিত খবৰ অনুসৰি, চিকিৎসাৰ বাবে ছামি বৰ্তমান লণ্ডনত আছে।

চলিত টেষ্ট শৃংখলাৰ কোনো এখন মেচতে ছামি উপলব্ধ নহ’ব বুলি প্ৰায় নিশ্চিত। ছামিৰ লগতে তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাও শীঘ্ৰে খেলপথাৰলৈ ঘূৰি অহাৰ সম্ভাৱনা নাই বুলি জানিব পৰা গৈছে।

শৃংখলাৰ প্ৰথমখন টেষ্টত জাদেজাই হেমষ্ট্ৰিঙত আঘাত পাইছিল। সূত্ৰ অনুসৰি জাদেজা আৰু কেইসপ্তাহমানৰ বাবে খেলপথাৰৰ পৰা আঁতৰি থাকিব লগা হ’ব পাৰে। সেয়ে তেওঁ তৃতীয়খন টেষ্টত দলত নথকাটো প্ৰায় নিশ্চিত বুলি প্ৰকাশ পাইছে।