শ্বিলঙৰ মেঘালয় পৰিবহণ নিগমৰ সংলগ্ন গৃহত ভয়ংকৰ অগ্নিকাণ্ড : অসমৰো লোক আহত

shillong-fire-1140x570

প্ৰকাশৰ বাবে পোৱা ফটো।

দেওবাৰে কাহিলী পুৱা ৩বজাত মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ মেঘালয় পৰিবহণ নিগমৰ ভৱনৰ সৈতে সংলগ্ন গৃহৰ প্ৰথম মহলাত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।

শ্বৰ্ট ছাৰ্কিটৰ ফলত প্ৰথম মহলাত সূত্ৰপাত ঘটা অগ্নিকাণ্ডৰ ধোৱাই স্বস্তিক হোটেলৰ গৃহৰ দ্বিতীয় আৰু তৃতীয় মহলা ধোঁৱাই ছানি ধৰাৰ লগে লগেই হোটেলত থকা আৱাসীসকলৰ মাজত হুৱাদুৱা লাগে। ইয়াৰে কিছুমানে প্ৰথম আৰু দ্বিতীয় মহলাৰ পৰা তললৈ জপিয়াই দিয়ে।

এই অগ্নিকাণ্ডৰ ঘটনাত আহত মহিলাকে ধৰি ১১ গৰাকী লোকক শ্বিলঙ অসামৰিক হাস্পাতলত ভৰ্তি কৰা হয়।

প্ৰকাশৰ বাবে পোৱা ফটো।

আহত ৰ তালিকাত থকাসকলৰ মাজত আছে :

পূজা দাস, বয়স প্ৰায় ২৭ বছৰ আৰু অসমৰ ওদালগুৰিৰ এগৰাকী বাসিন্দা দীপু দাসৰ কন্যা;

নাৰায়ন সাহা, বয়স প্ৰায় ৬৫ বছৰ আৰু ত্ৰিপুৰাৰ আগৰতলাৰ এগৰাকী বাসিন্দা প্ৰয়াত ডি সাহাৰ পুত্ৰ;

ৰত্না সাহা, বয়স প্ৰায় ৪০ বছৰ আৰু ত্ৰিপুৰাৰ উত্তৰ বধাৰঘাটৰ এগৰাকী বাসিন্দা মধুসূদন সাহাৰ পত্নী;

পাৰমিতা সাহা, বয়স প্ৰায় ২০ বছৰ আৰু ত্ৰিপুৰাৰ উত্তৰ বধাৰঘাটৰ আন এগৰাকী বাসিন্দা মধুসূদন সাহাৰ কন্যা;

অৰ্ঘ্যজিত সাহা, বয়স প্ৰায় ১৩ বছৰ আৰু ত্ৰিপুৰাৰ উত্তৰ বধাৰঘাটৰ এগৰাকী বাসিন্দা মধুসূদন সাহাৰ পুত্ৰ;

মুকুট চৌধুৰী, বয়স প্ৰায় ৪৮ বছৰ আৰু অসমৰ কামৰূপৰ এগৰাকী বাসিন্দা প্ৰয়াত মাহমুদ চৌধুৰীৰ পুত্ৰ;

কনিষ্ক ছেম, বয়স প্ৰকায় ২০ বছৰ আৰু কলকাতাৰ ৪৯৮ দমদম পাৰ্কৰ এগৰাকী বাসিন্দা  কৌশিক ছেমৰ পুত্ৰ;

মধুসূদন সাহা, বয়স প্ৰায় ৪৮ বছৰ আৰু ত্ৰিপুৰাৰ উত্তৰ বধাৰঘাটৰ এগৰাকী বাসিন্দা প্ৰয়াত সুনীল চন্দ্ৰ সাহাৰ পুত্ৰ;

নীলাক্ষ্য পাল, বয়স প্ৰায় ১০ বছৰ আৰু ত্ৰিপুৰাৰ গোমুটিৰ উদইপুৰৰ চানমানৰ এগৰাকী বাসিন্দা দুলাল চন্দ্ৰ পালৰ পুত্ৰ;

দুলাল চন্দ্ৰ পাল, বয়স প্ৰায় ৪২ বছৰ আৰু ত্ৰিপুৰাৰ গোমুটিৰ উদইপুৰৰ চানমানৰ এগৰাকী বাসিন্দা ৰবীন্দ্ৰ চন্দ্ৰ পালৰ পুত্ৰ;

আৰু উমা ৰাই সাহা পাল, বয়স প্ৰায় ৩০ বছৰ আৰু ত্ৰিপুৰাৰ গোমুটিৰ উদইপুৰৰ চানমানৰ এগৰাকী বাসিন্দা দুলাল চন্দ্ৰ পালৰ পত্নী।