NORTHEAST NOW (Assamese)

ছেৰাম ইনষ্টিটিউটত অগ্নিকাণ্ড; কোভিশ্বিল্ডৰ সুৰক্ষাক লৈ সৃষ্টি হৈছে উদ্বিগ্নতা

January 21, 2021 4:37 pm · এন ই নাও নিউজ

দেশত কৰ’না ভেকচিনৰ প্ৰস্তুত কৰা পৰীক্ষাগাৰ পুনেৰ ছেৰাম ইনষ্টিটিউটত সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা। বৃহস্পতিবাৰে দুপৰীয়া ইনষ্টিটিউটটোৰ টাৰ্মিনেলত জুই ৰগাৰ খৱৰ পোৱা গৈছে।

অগ্নিকাণ্ডৰ ঘটনাৰ পাছতে ঘটনাস্থলীত উপস্থিত হোৱা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নুমোৱাৰ চেষ্টা কৰে।

অগ্নিনিৰ্বাপক বাহিনীৰ সূত্ৰত প্ৰকাশ কৰা মতে কৰ’নাৰ ভেকচিন কোভিশ্বিল্ড প্ৰস্তুত হোৱা স্থানটো বৰ্তমান সুৰক্ষিত হৈ আছে।

অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মীসকলৰ সহযোগত ইনষ্টিটিউটৰ ভিতৰত থকা বিজ্ঞানীসকলক নিপৰাপত্তাৰ স্বাৰ্থত বাহিৰলৈ উলিয়াই অনা হয়।

ইনষ্টিটিউটটোত অগ্নিকাণ্ডৰ ঘটনাক লৈ তীব্ৰ আতংকৰ সৃষ্টি হয়।

ঘটনাৰ পৰৱৰ্তী সময়ত বহুকেইখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহি ঘটনাস্থলীত উপস্থিত হয়।

বাতৰি অনুসৰি, ইনষ্টিটিউটটোৰ বিচিজি ভেকচিন প্ৰস্তুত হোৱা মঞ্জৰী প্ৰকল্পটোত জুই লাগে আৰু তাৰপৰাই জুই চাৰিওপিনে বিয়পি পৰে। অগ্নিনিৰ্বাপক বাহিনীয়ে চতুৰ্থ আৰু পঞ্চম মহলাৰ জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে।

আজি দুপৰীয়া ইনষ্টিটিউটটোৰ প্ৰশাসনিক ভৱনত প্ৰথমতে জুই লাগে য’ত বিচিজি ভেকচিন প্ৰস্তুত কৰা পৰীক্ষাগাৰ মঞ্জৰী প্ৰকল্পটো আছে।

অৱশ্যে, কোভিশ্বিল্ড য’ত প্ৰস্তুত কৰা হয় সেই স্থানটো কোনো ধৰণে ক্ষতিগ্ৰস্ত হোৱা নাই বুলি ছেৰাম কৰ্তৃপক্ষই দাবী কৰিছে।

Related News