NORTHEAST NOW (Assamese)

গোলাঘাটৰ অ’ এন জি চিৰ তৈল খাদত বিধ্বংসী অগ্নিকাণ্ড

February 4, 2021 3:35 pm · এন ই নাও নিউজ

অসমৰ গোলাঘাট জিলাৰ বেবেজিয়াস্থিত অ’ এন জি চিৰ তৈল খাদত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হৈছে।

আমি লাভ কৰা তথ্য অনুসৰি বেবিজিয়াৰ অ’ এন জি চিৰ তৈল খাদত গেছ নিৰ্গত হোৱাৰ ফলতে বুধবাৰে বিধ্বংসী অগ্নিকাণ্ডটো সংঘটিত হয়।

বৰ্তমানলৈ এই বিধ্বংসী অগ্নিকাণ্ডটোৰ ফলত কোনো লোক হতাহত বা মৃত্যু হোৱাৰ বাতৰি লাভ কৰা হোৱা নায়।

তৈল খাদ্যত অগ্নিকাণ্ড সংঘটিত হোৱাৰ বাতৰি লাভ কৰাৰ পাছতে অ’ এন জি চিৰ বিষয়া আৰু আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয়।

স্থানীয় লোক সকলে এই অগ্নিকাণ্ডক লৈ যথেষ্ট উদ্বিগ্নতা প্ৰকাশ কৰিছে।

অ’ এন চি জি কৰ্তৃপক্ষই সময়মতে এই অগ্নিকাণ্ড নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে তিনিচুকীয়া জিলাৰ বাঘজান সদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে বুলি স্থানীয় লোক সকল আতংকিত হৈ আছে।

বাঘজানৰ তৈল খাদৰ অগ্নি নিৰ্বাপনৰ বাবে বহু মাহ সময়ৰ প্ৰয়োজন হৈছিল।

Related News