• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, March 6, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দেশৰ এটা আজৱ বেংক; এটা ছাগলী ‘ঋণ’ ল’লে দিব লাগিব চাৰিটাকৈ ভেড়া!

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 4, 2021 2:57 pm

2 min read

Goat of Karkheda
213
VIEWS
Share on FacebookShare on Twitter

কৃষি আইনৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ চলি থকাৰ সময়তে মহাৰাষ্ট্ৰৰ আকোলা জিলাৰ এজন কৃষকে উপাৰ্জনৰ বিকল্প উপায় হিচাপে গঢ়ি তুলিছে এটা ছাগলীৰ বেংক। ইয়াৰ নাম দিয়া হৈছে ‘Goat Bank of Karkheda’।

বেংকটোৰ সুতৰ আজৱ নিয়মৰ ব্যৱস্থাটোৱে সকলোকে আচৰিত কৰিছে। য’ত ছাগলীৰ বাবে সুত দিব লাগিব ভেড়া!

আকোলা জিলাৰ ছাংগাভি মোহাডি গাঁওত গঢ়ি তোলা হৈছে এই ‘Goat Bank of Karkheda’টো। এনে ব্যৱস্থাৰে ৰাজ্যখনত প্ৰশংসা বুটলিবলৈ সক্ষম হোৱা কৃষকজনৰ নাম হৈছে নৰেশ দেশমুখ।

পঞ্জাৱৰ কৃষি বিদ্যাপীঠৰ পৰা স্নাতক ডিগ্ৰীধাৰী ৫২ বছৰীয়া দেশমুখে ২০১৮চনত এই বেংকটো স্থাপন কৰে।

বাতৰি অনুসৰি, কোনো কৃষকে এই বেংকৰ পৰা ঋণ ল’লে প্ৰথমতে তেওঁ ১,২০০টকাৰে পঞ্জীয়ন কৰিব লাগিব। বেংকটোৰ নিয়ম অনুসৰি প্ৰত্যেকে এটাকৈ ছাগলী পাব। ইয়াৰ পৰিৱৰ্তে তেওঁক দিব লাগিব ৪টাকৈ ভেড়া।

বেংকে বান্ধি দিয়া ম্যাদ অনুসৰি ঋণ লওঁতা কৃষকে ৪০ মাহৰ ভিতৰত এই ভেড়া কেইটা বেংকক জমা দিব লাগিব।

দেশমুখে জানিবলৈ দিয়া মতে তেওঁ গাঁওখনলৈ প্ৰথমতে আহোতে ইয়াৰ আৰ্থিক অৱস্থা খুবেই বেয়া আছিল। কৃষক পৰিয়ালৰ মহিলাসকলে সৰু মাটি এটুকুৰাতে ছাগলী প্ৰতিপালন কৰি ল’ৰা-ছোৱালীৰ পঢ়াশুনাৰ খৰচো যোগাৰ কৰি আহিছিল। এনে পৰিয়ালবোৰক সহায় কৰাৰ বাবেই তেওঁ এই গোট বেংক স্থাপন কৰাৰ কথা ভাৱিছিল।

নিজৰ সঞ্চিত ৪০ লাখ টকা খৰচ কৰি তেওঁ এই বেংক গঢ়ি তোলে। তেওঁ ৩৪০টা পূৰ্ণবয়স্ক ছাগলী ক্ৰয় কৰে। ইয়াৰ পাছত তেওঁ এই ছাগলীবোৰ গাঁওবাসীক প্ৰদান কৰে। এই ব্যৱসায়টোৰ পৰা তেওঁ এতিয়া ২.৫লাখ টকা লাভ কৰিছে।

গাওঁৰ লোকসকলে তেওঁৰ আঁচনিৰ অধীনত ছাগলী ঋণ লৈ ইয়াৰ পৰিৱৰ্তে ৪০ মাহৰ ভিতৰত তেওঁক ৪টা ভেড়া আদায় দিব লাগে।

Recent News

IMG-20210306-WA0000

বোকাখাতত বন বিভাগৰ অভিযান: চোৰাং কাঠসহ দুখন পিক আপ ভান জব্দ

WhatsApp Image 2021-03-06 at 12.01.05 PM

বিজেপিক উৎখাতৰ স্বাৰ্থত সৰ্বোচ্চ ত্যাগ কৰিবলৈ সাজু হৈছে ৰাইজৰ দল

cat-flight

মেকুৰীৰ আক্ৰমণৰ বাবে জৰুৰীকালীনভাৱে বিমান অৱতৰণ কৰিবলৈ বাধ্য হ’ল পাইলট

rishabh pant century 3

বিশ্বৰ দ্বিতীয় গৰাকী উইকেটকীপাৰ হিচাপে অভিলেখ গঢ়ি গিলখ্ৰীষ্টক স্পৰ্শ কৰিলে ঋষভ পন্টে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd