দুলীয়াজানৰ অইলৰ তৈলক্ষেত্ৰত তেলচোৰৰ দৌৰাত্ম্য; তেলচুৰি কৰাৰ সময়তে ভয়াৱহ অগ্নিকাণ্ড
প্ৰতিনিধিত্বমূলক ফটো
দুলীয়াজানৰ অইলৰ তৈলক্ষেত্ৰত ৮ ছেপ্তেম্বৰৰ নিশা এক ভয়াৱহ অগ্নিকাণ্ড হয়। দুলীয়াজান আৰক্ষী থানাৰ অধীনৰ নাওশলীয়া জুটলিবাৰীৰ সমীপৰ দুখন তৈলখাদত এটা তেলচোৰ চক্ৰই কণ্ডেঞ্চড অইল চুৰি কৰি থকাৰ সময়তে এই অগ্নিকাণ্ড সংঘটিত হয়।
অৱশ্যে অগ্নিকাণ্ডৰ পিছতেই ঘটনাস্থলীত অইল ইণ্ডিয়া লিমিটেড, অসম গেছ কোম্পানী লিমিটেড, বি চি পি এল তথা তিনিচুকীয়া আৰু ডিব্ৰুগড়ৰ পৰা অহা সবমুঠ ১২ খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে প্ৰায় ৭ ঘণ্টা সময় ধৰি চেষ্টা চলাই অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়।
আনহাতে, ঘটনাস্থলীৰ পৰা তেলচোৰ চক্ৰটোৱে এৰি থৈ যোৱা চাইকেল, গেলনকে ধৰি তেল চুৰিত ব্যৱহৃত বহু সামগ্ৰী উদ্ধাৰ কৰে বুলি জানিব পৰা গৈছে।
দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালাই উক্ত ঘটনা সম্পৰ্কত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে অইলৰ কৰ্তৃপক্ষই তৈলখাদ সমূহক সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে বুলি মন্তব্য কৰে।