NORTHEAST NOW (Assamese)

ডিগবৈৰ পাৱৈত শোকাৱহ পথ দুৰ্ঘটনা; থিতাতে নিহত ২জন যুৱক

October 1, 2018 5:40 pm · মানস প্ৰতিম গগৈ

তিনিচুকীয়া জিলাৰ ডিগবৈ থানাৰ অধীনৰ পাৱৈ চেণ্টাৰত আজি পুৱতি নিশা প্ৰায় ২ মান বজাত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত দুজন যুৱকে প্ৰাণ হেৰুৱাৰ লগতে আন দুজন গুৰুতৰভাৱে আহত হয়।

প্ৰাপ্ত খবৰ অনুযায়ী, আজি পুৱতি নিশা পাৱৈ চাইদিঙৰ ওচৰত ডিগবৈৰ পৰা মাৰ্ঘেৰিটা অভিমূখে আহি থকা এখন মটৰ চাইকেলৰ লগত বিপৰীত দিশৰ পৰা গৈ থকা আন এখন মটৰ চাইকেলৰ পচণ্ড জোৰেৰে মুখামুখি খুন্দা লগাত দুয়োখন বাইকৰে চালক দুজন থিতাতে নিহত হোৱাৰ বিপৰীতে বাইকত উঠি অহা আন দুজন যুৱক গুৰুতৰভাৱে আহত হয়।

আহত যুৱক দুজনক প্ৰথমতে মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়লৈ নিয়া হৈছিল যদিও তেওঁলোকৰ অৱস্থা গুৰুতৰ হোৱা হেতুকে দুয়োগৰাকীকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয়।

নিহত চালকদ্বয়ক ক্ৰমে মাৰ্ঘেৰিটা বাগানৰ ৬ নম্বৰ লাইনৰ বাসিন্দা জানিশ ওৰাং (২২) আৰু ২ নং দিবঙৰ বাসিন্দা দুৰ্গা তুডু (২৬) বুলি চিনাক্ত কৰা লগতে সংকটজনক অৱস্থাত থকা যুৱক দুজনক ৰাজু মুৰ্মু (২৩) আৰু কৰণ স্বাৱাচি (২০) বুলি চিনাক্ত কৰা হৈছে।

Related News