NORTHEAST NOW (Assamese)

পাঠশালাত স্কুটি, গাড়ী আৰু ২ খন বাইকৰ মুখামুখি সংঘৰ্ষ, থিতাতে নিহত যুৱক

September 9, 2018 9:21 pm · শশাংক তালুকদাৰ
Updated: September 10, 2018 9:19 am
সংঘৰ্ষাক্ৰান্ত মাৰুতি ছুইফট বোলা গাড়ীখন

পাঠশালাৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ কলেজ ৰ’ডৰ ওচৰত দেওবাৰে ২খন বাইক, ১খন স্কুটি আৰু এখন সৰু গাড়ীৰ মাজত সন্ধিয়া সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাত পংকজ মদাহী নামৰ এজন ২৩ বছৰীয়া যুৱক থিতাতে নিহত হৈছে।

বাক্সাৰ বৰবাৰী আৰক্ষী থানাৰ বিষ্ণুপুৰৰ পংকজ ঘটনাটোত নিহত হোৱাৰ বিপৰীতে এগৰাকী যুৱতীকে ধৰি আন ৪জন লোক আহত হৈছে।

প্ৰত্যক্ষদৰ্শীৰ মতে নিহত পংকজে চলোৱা এপাচি বোলা বাইকখনে প্ৰথমে স্কুটি আৰোহী যুৱতীগৰাকীক খুন্দা মাৰে আৰু তাৰ লগে লগে ১খন ছুইফট গাড়ী আৰু পালচাৰ বোলা বাইকে আহি তাতে খুন্দা মাৰে।

ছুইফটখনৰ নম্বৰ As 01 DB 1926, এপাচিখনৰ নম্বৰ As 14 F7258 আৰু স্কুটিখনৰ নম্বৰ As 15 F 9830 (।)

কে এম চি নামৰ প্ৰতিষ্ঠানটোৱে শামুকীয়া গতিত আৰু এৰাধৰাকৈ ৰাষ্ট্ৰীয় ঘাইপথটোৰ নিৰ্মাণ কৰি থকা বাবেই এলেকাটো দুৰ্ঘটনাপ্ৰৱণ হৈ পৰা বুলি স্থানীয় লোকে অভিযোগ কৰিছে।

আহতসকল হৈছে মধুস্মিতা দাস, বনিতা দাস, দেবেন মদাহী আৰু সুজিত শৰ্মা।

Related News