• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পাঁচদিন ধৰি স্তব্ধ জৰুৰীকালীন এম্বুলেন্স সেৱা; জৰুৰীভাৱে চিকিৎসালয়লৈ আনিব লগা ৰোগীৰ জীৱনক লৈ কোনো চিন্তা নাই চৰকাৰৰ

পাঁচদিন ধৰি স্তব্ধ জৰুৰীকালীন এম্বুলেন্স সেৱা; সৰ্বসাধাৰণ পণবন্দী; দায়িত্বহীন স্বাস্থ্য বিভাগ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
September 9, 2018 9:09 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এই মুহূৰ্তত আপোনাৰ বা আপোনাৰ কোনো আত্মীয় যদি দূৰ্ঘটনাগ্ৰস্ত বা হঠাৎ অসুস্থ হৈ পৰে তেতিয়াহ’লে আপুনি দিশহাৰা হৈ পৰাটো নিশ্চিত। অসমত এতিয়া জৰুৰীকালীন স্বাস্থ্যসেৱাৰ অভাৱত কাৰোবাৰ মৃত্যু তেনেই স্বাভাৱিক হৈ পৰিছে। কিয়নো বিগত পাঁচটা দিন ধৰি ৰাজ্যখনত স্তব্ধ হৈ আছে জৰুৰীকালীন স্বাস্থ্যসেৱা ব্যৱস্থা।

যোৱা ৫ ছেপ্তেম্বৰৰ পৰা অসমৰ স্বাস্থ্যখণ্ডৰ জৰুৰীকালীন সেৱাৰ দায়িত্বত থকা GVK-EMRI  নামৰ প্ৰতিষ্ঠানৰ অধীনৰ ১০৮ আৰু ১০২ এম্বুলেন্সকৰ্মী আৰু ইমাৰজেন্সি ৰেছপ’নচ অফিচাৰসকলৰ প্ৰতিবাদে পাঁচটা দিন অতিক্ৰম কৰিলে। এই প্ৰতিবাদৰ ফলত এতিয়া সম্পূৰ্ণৰূপে বন্ধ হৈ আছে জৰুৰীকালীন উক্ত সেৱা।

Apply Now

যাৰ ফলত হাহাকাৰৰ সন্মুখীন হ’ব লগীয়া হৈছে সাধাৰণ নাগৰিক। ইপিনে, এটা সংস্থাৰ কৰ্মাচাৰীৰ প্ৰতিবাদে জৰুৰীকালীন স্বাস্থ্যসেৱা স্তব্ধ কৰি দিয়াৰ পাছতো এইক্ষেত্ৰত গুৰুত্ব নাই পৰিবৰ্তনৰ শ্ল’গান দি দিচপুৰলৈ অহা বিজেপি চৰকাৰৰ স্বাস্থ্য বিভাগৰ। লগতে বিষয়টোক লৈ কোনো গুৰুত্ব নাই স্বাস্থ্যখণ্ডলৈ আমোল পৰিৱৰ্তন অনা বুলি সততে কৈ ফুৰা ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

১০৮ আৰু ১০২ এম্বুলেন্স কৰ্মী আৰু ইমাৰজেন্সি ৰেছপ’নছ অফিচাৰসকলৰ এই প্ৰতিবাদৰ ফলত ৰাজ্যৰ বিভিন্ন ঠাইত দুৰ্ঘটনাগ্ৰস্ত, প্ৰসূতিকে ধৰি আন যিকোনো তৎকালীন চিকিৎসাৰ প্ৰয়োজন হোৱা ৰোগীক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিবলৈ হাততে পোৱা কোনো উপায় নাই।

দেওবাৰে আমাৰ সাংবাদিকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত দেখা পায় তেনেকুৱা কেইবাটাও উদ্বেগজনক দৃশ্য। চিকিৎসালয়খনৰ জৰুৰীকালীন বিভাগ আৰু প্ৰসূতি বিভাগলৈ বহুকেইজন ৰোগীক আজি অট’ৰিক্সা, অ’লা-উবেৰ কেব আৰু আন ব্যক্তিগত বাহন ভাড়ালৈ লৈ অনা দেখা গ’ল। প্ৰসৱ বেদনাত চটফটাই থকা মহিলাকো চিকিৎসালয়লৈ আনিব লগীয়া হৈছে এনেদৰেই।

সংকটজনক অৱস্থাত থকা একোজন ৰোগীক এইদৰে ব্যক্তিগত বাহনেৰে চিকিৎসালয়লৈ অনাটো কিমান বিপজ্জনক হ’ব পাৰে সেয়া সহজেই অনুমান কৰিব পাৰি। কাৰণ, তাত নাথাকে অক্সিজেন, প্ৰাথমিক চিকিৎসা ব্যৱস্থা, চাইৰেন, ৰোগীৰ বিছনা ইত্যাদি। অৰ্থাৎ চিকিৎসালয়লৈ অনাৰ পথত হ’ব পৰা সাম্ভাব্য বিষম পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰা সকলো ব্যৱস্থাৰ পৰা বঞ্চিত হ’ব লগীয়া হৈছে একোজন সংকটজনক অৱস্থাত থকা ৰোগী।

ইয়াৰ উপৰি ৰোগীক চিকিৎসালয়লৈ আনিবলৈ বাহন বিচাৰি হাহাকাৰ কৰিব লগীয়া হৈছে ৰোগীৰ আত্মীয়ই। জি এম চি এইচ্চলৈ নাৰেংগীৰ পৰা এগৰাকী প্ৰসূতিক লৈ অহা এজন লোকে কয়, “১০৮ নথকা বাবে আমাৰ আজি বহুত বিপদ হৈছে। ইফালে ৰোগীৰ অৱস্থা বেয়া, আনফালে তেওঁক চিকিৎসাললৈ আনিবলৈ আমি গাড়ী পোৱা নাই। আজি পুৱা আমাৰ বহুত অসুবিধা হৈছিল। পাছত গাড়ী ভাড়া কৰি ইয়ালৈ আহিছো।”

ইপিনে, ১০৮ আৰু ১০২ এম্বুলেন্স সেৱা বন্ধ হৈ পৰাৰ ফলত ৰোগীৰ আত্মীয়ই যথেষ্ট টকা খৰচ কৰি গাড়ী ভাৰালৈ লৈ ৰোগীক চিকিৎসালয়লৈ আনিব লগীয়া হৈছে।

আনহাতে যোৱা ৫ ছেপ্তেম্বৰত উত্তৰ গুৱাহাটীত ব্ৰহ্মপুত্ৰত সংঘটিত নাও দুৰ্ঘটনাৰ পাছত কেৱল এম্বুলেন্সৰ অভাৱৰ বাবেই ডিম্পী বৰা নামৰ দুৰ্ভগীয়া ছাত্ৰীগৰাকীৰ মৃত্যু হোৱা বুলি জিষ্ণু নাথ নামৰ ছাত্ৰীগৰাকীৰ এজন ঘনিষ্ঠ বন্ধুৱে আমাৰ আগত প্ৰকাশ কৰিছিল।

তেওঁ কৈছিল, “ডিম্পীক জীৱন্তে পানীৰ পৰা উদ্ধাৰ কৰিব পৰা গৈছিল, কিন্তু তাৰ পাছত তাইক চিকিৎসালয়লৈ নিবলৈ কোনো এম্বুলেন্স নাছিল। যাৰ বাবে তাইক এখন অট’ৰিক্সাত চিকিৎসালয়লৈ নিয়া হৈছিল। কিন্তু চিকিৎসালয় পোৱালৈ তাই আৰু বাচি নাথাকিল।”

এনে ঘটনাৰ দ্বাৰা ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ ফোঁপোলা স্বৰূপ এটা প্ৰকাশ পোৱাৰ পাছতো কাণসাৰ নাই বিভাগীয় মন্ত্ৰী তথা স্বাস্থ্য বিভাগৰ। বিগত দহ বছৰে GVK-EMRI  নামৰ প্ৰতিষ্ঠানটোৱে অতি কম পাৰিশ্ৰমিকৰ বিনিময়ত অসমৰ যুৱক-যুৱতীক কামত খটুৱাই অহিছে। সংস্থাটোৱে যোৱা দুটা বছৰে বৰ্ধিত দৰমহাৰ পৰাও বঞ্চিত কৰি আহিছে শ্ৰমিকসকলক। তাৰ পাছত শ্ৰমিক সকলৰ মাজত সৃষ্টি হোৱা ক্ষোভৰ বাবেই ৰাজ্যৰ স্বাস্থ্যখণ্ডত এই অচলাৱস্থা।

ইপিনে অসমৰ ৰাইজৰ সেৱাৰ নামত GVK-EMRI -ক বছৰি এক বৃহৎ অংকৰ ধন মোকলাই দিয়া অসম চৰকাৰে এতিয়া সকলো দেখিও প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে ল’ব পৰা নাই কোনো ৱ্যৱস্থা। আনকি GVK-EMRI ৰ সেৱা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাৰ পাছতো ৰাইজৰ সেৱাৰ বাবেও চৰকাৰে কৰিব পৰা নাই কোনো বিশেষ ৱ্যৱ্স্থা।

এই সন্দৰ্ভত স্বাস্থ্য বিভাগৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহাক আমাৰ সাংবাদিকে প্ৰশ্ন কৰাত তেওঁ কয়, “আমি এটা outsourcing হিচাপে  GVK-EMRI ক জৰুৰীকালীন স্বাস্থ্যসেৱাৰ দায়িত্ব দিছো। এই কৰ্মচাৰীসকলক তেওঁলোকে নিয়োগ কৰিছে। এতিয়া তেওঁলোকৰ সমস্যাটো তেওঁলোকেই সমাধান কৰি ল’ব লাগিব। চৰকাৰে তাত হস্তক্ষেপ কৰাৰ কথা নাথাকে।”

কিন্তু সিনহাই কোৱাৰ দৰেই চৰকাৰে outsourcing-ত দিয়া প্ৰতিষ্ঠানটোৰ বাবেই ৰাজ্যৰ সাধাৰণ জনতাক পণবন্দী হোৱাৰ পাছতো বিষয়টোৰ পৰা গা এৰা দিয়া কথাটোৱে চৰকাৰ সমস্যা সমাধান কৰা আৰু সাধাৰণ ৰাইজৰ প্ৰতি থকা দায়বদ্ধতাৰ নমুনা ওলাই পৰিছে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd