NORTHEAST NOW (Assamese)

বান সাহায্য বিতৰণক কেন্দ্ৰ কৰি দ্বিতীয় দিনাও উত্তাল কলিয়াবৰ; ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয় ঘেৰাও

August 10, 2018 11:27 pm · ৰিদিপ শৰ্মা

বানত ক্ষতিগ্ৰস্তসকলৰ তালিকা প্ৰস্তুতিত ব্যাপক বিসংগতিৰ অভিযোগ তুলি আজি দ্বিতীয় দিনাও কলিয়াবৰত এক উত্তাল পৰিৱেশৰ সৃষ্টি হয়।

আজি পুৱাই কলিয়াবৰৰ পাকবন্ধা, দলিবাৰি, শ্ৰৱণীসত্ৰকে ধৰি কাষৰীয়া কেইবাখনো গাঁৱৰ উত্তেজিত ৰাইজে মাধতাৰি (খ) কিচামতৰ চৰকাৰী গাঁওবুঢ়া প্ৰদীপ ভূঞাৰ বাসগৃহ ঘেৰাও কৰে। জল সম্পদ মন্ত্ৰী কেশৱ মহন্তৰ বিৰুদ্ধেও গঞা ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখযোগ্য যে বানত ক্ষতিগ্ৰস্ত হোৱা লোকেও সাহায্য নোপোৱাৰ বিপৰীতে বান নোহোৱা এলেকাৰ ৰাজনৈতিক নেতা-পালিনেতা আৰু আত্মীয়ই সাহায্য লোৱা বুলি ৰাইজে অভিযোগ কৰিছে।

পঞ্চায়তৰ সদস্য, চৰকাৰী গাঁওবুঢ়া আৰু লাট মণ্ডলৰ পৰিয়ালৰ লোকে ৯৫ হেজাৰ টকাকৈ ক্ষতিপুৰণ লাভ কৰাৰ বিপৰীতে প্ৰকৃত ক্ষতিগ্ৰস্তই লাভ কৰিছে মাত্ৰ ২ হেজাৰৰ পৰা ৫ হেজাৰ টকাৰ মঞ্জুৰি পত্ৰ।

যাৰ পৰিপ্ৰেক্ষিতত বহুকেইখন গাঁৱৰ উত্তেজিত ৰাইজে দুপৰীয়া কলিয়াবৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয় ঘেৰাও কৰাৰ লগতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথো অৱৰোধ কৰে।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী আৰু প্ৰশাসনিক বিষয়া উপস্থিত হোৱাত উত্তেজিত ৰাইজ ক্ষান্ত হয়। বঞ্চিত ৰাইজৰ প্ৰতিবাদত সেও মানি অৱশেষত বান সাহায্য বিতৰণ সাময়িকভাৱে বন্ধ ৰাখে।

Related News