• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

যোৰহাটত মৃতদেহ টীয়ক নৈত উটি যোৱালৈ অপেক্ষা চেলেংহাট আৰক্ষীৰ!

NE NOW NEWS ৰাজীৱ দত্ত
গৌৰীসাগৰ , August 10, 2018 11:27 pm

2 min read

jorhat assam
84
VIEWS
Share on FacebookShare on Twitter

যোৰহাট জিলাৰ খনিকৰত টীয়ক নৈত উটি অহা অচিনাক্ত মৃতদেহ এটাৰ খবৰ প্ৰত্যক্ষদৰ্শী ৰাইজে জনোৱাৰ পিছতো চেলেংহাট চকীৰ আৰক্ষী ঘটনাথলীলৈ নাহি দেহটো টীয়ক আৰক্ষী থানা এলেকালৈ উটি যোৱাৰ বাবে অপেক্ষা কৰা বুলি উঠিছে ভয়ংকৰ অভিযোগ।

এটা মৃতদেহ উদ্ধাৰক লৈ আৰক্ষীয়ে কৰা ‘চৰম হেমাহিক তীব্ৰ গৰিহণা’ দি আটছাই উত্থাপন কৰিছে এই ভয়ংকৰ অভিযোগ। ‘চেলেংহাট আৰক্ষীয়ে দায়িত্বৰ পৰা হাত সাৰিবলৈকে মৃতদেহটো উদ্ধাৰ নকৰি টীয়ক আৰক্ষী থানা এলেকালৈ উটি যোৱালৈ বাট চাই ৰৈছিল,’ অভিযোগ আটছাৰ মৰিয়নি শাখাৰ সম্পাদক দীনেশ চাহুৰ।

অভিযোগ মতে যোৰহাট জিলাৰ চেলেংহাট আৰক্ষী চকীৰ অন্তৰ্গত খনিকৰত আজি ১০ আগষ্টৰ পুৱা টীয়ক নদীত এটা মৃতদেহ দেখি ৰাইজে চেলেংহাট আৰক্ষীক খবৰ দিছিল। কিন্তু চেলেংহাট আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ হোৱা স্থান নিজা এলেকাত নপৰে বুলি গা এৰা দিয়ে বুলি অভিযোগ উত্থাপিত হৈছে।

উপায়ন্তৰ হৈ স্থানীয় ৰাইজে আৰক্ষীৰ জৰুৰী সেৱা ১০০ ডায়েল কৰি অৱগত কৰাৰ পিছতহে চেলেংহাট আৰু টীয়ক আৰক্ষী আহি মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে বুলি ৰাইজে অভিযোগ কৰিছে।

তাৰোপৰি ৰাইজৰ অভিযোগ মতে বৃহস্পতিবাৰে আবেলিয়েই খনিকৰৰ মাজেদি বৈ যোৱা টীয়ক নৈত একাংশ লোকে মৃতদেহটো দেখি চেলেংহাট আৰক্ষীক খবৰ দিছিল। কিন্তু চেলেংহাট আৰক্ষীয়ে মৃতদেহটো নদীত বিচাৰি নাপাই উদ্ধাৰ নকৰাকৈয়ে উভটি যায়।

তাৎপৰ্য্যপূৰ্ণভাৱে বৃহস্পতিবাৰে ৰাইজে দেখা ঠাইতে আজি পুৱা নদীৰ জাবৰত লাগি থকা অৱস্থাত পুনৰ মৃতদেহটো দেখা পায়।

উটি অহা অৱস্থাত উদ্ধাৰ কৰা মৃতদেহটো খনিকৰ চাহ বাগিচাৰে চাওনা মাঝিৰ বুলি পিছত পৰিয়ালৰ লোকে চিনাক্ত কৰে। লোকজন বিগত তিনি দিন ধৰি সন্ধানহীন হৈ আছিল।

চেলেংহাট চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নম্বৰ বুলি আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষই দিয়া ফ’ন নম্বৰটোত যোগাযোগ কৰাত ৰং নম্বৰত লগা বুলিহে উত্তৰ আহিল!

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd