প্ৰায় দুই দশকৰ পাছতো চিকিৎসাসেৱাৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া ক্ষেত্ৰত বিশেষ সলনি নহ’ল। ব্যক্তিগত হাস্পাতলৰ ওপৰত নিৰ্ভৰশীলতা এতিয়াও অব্যাহত আছে।
ৰাষ্ট্ৰীয় নমুনা সমীক্ষা সংস্থা (এনএছএছঅ’)ৰ এক প্ৰতিবেদন অনুসৰি, গ্ৰাম্যাঞ্চলত চৰকাৰী চিকিৎসা সেৱাৰ বিপৰীতে চহৰাঞ্চলত ব্যক্তিগত চিকিৎসা সেৱাৰ ওপৰত নিৰ্ভৰশীলতা বৃদ্ধি পাইছে।
প্ৰতিবেদন অনুসৰি, চহৰৰ ৬৫শতাংশ লোকেই ব্যক্তিগত হাস্পাতলৰ ওপৰত নিৰ্ভৰ কৰে।
শেহতীয়াকৈ প্ৰকাশ পোৱা এই প্ৰতিবেদন কোৱা হৈছে যে গ্ৰাম্যাঞ্চলৰ ৫৪শতাংশ লোক চিকিৎসাৰ বাবে ব্যক্তিগত হাস্পাতলত ভৰ্তি হোৱাৰ বিপৰীতে ৪৬শতাংশ লোকে চৰকাৰী হাস্পাতলত ভৰ্তি হয়।
সমীক্ষাটোত ২০১৭ৰ জুলাইৰ পৰা ২০১৮ৰ জুলাইলৈকে তথ্য লোৱা হৈছিল।
আনহাতে, ১৯৯৫ৰ জুলাইৰ পৰা ১৯৯৬ৰ জুনলৈকে এনএছএছঅ’ই চলোৱা সমীক্ষা অনুসৰি ৫৬শতাংশ লোকে ব্যক্তিগত হাস্পাতলত আৰু ৪৪শতাংশ লোকে চৰকাৰী হাস্পাতলত চিকিৎসা কৰিছিল।
সেইদৰে বিগত ২২ বছৰৰ পাছতো গ্ৰাম্যাঞ্চলত চৰকাৰী চিকিৎসা সেৱাৰ নিৰ্ভৰতা মাত্ৰ দুই শতাংশহে বৃদ্ধি পাইছে।
প্ৰতিবেদন অনুসৰি, চহৰৰ ৬৫শতাংশ লোকে ব্যক্তিগত হাস্পাতলত আৰু ৩৫ শতাংশ লোকে চৰকাৰী হাস্পাতলত চিকিৎসা সেৱা গ্ৰহণ কৰে।
সেইদৰে ২২ বছৰ পূৰ্বে চহৰৰ ৫৭ শতাংশ লোকে ব্যক্তিগত হাস্পাতলত আৰু ৪৩ শতাংশ লোকে চৰকাৰী হাস্পাতলত চিকিৎসা কৰিছিল।
ইয়াৰ পৰা স্পষ্ট হৈ পৰে যে চহৰত যিধৰণে জনসংখ্যা বৃদ্ধি পাইছে, সেই ধৰণে চিকিৎসা সেৱাৰ সুবিধা বৃদ্ধি পোৱা নাই। সেয়েহে, চহৰত ব্যক্তিগত চিকিৎসা সেৱাৰ ওপৰত নিৰ্ভৰশীলতা অধিক বৃদ্ধি পাইছে।