NORTHEAST NOW (Assamese)

প্ৰায় ২০০ বছৰীয়া পৰম্পৰা ভংগ কৰি চাহ বাগানৰ সঞ্চালিকাৰ পদত মহিলা

December 8, 2018 11:48 am · এন ই নাও নিউজ
Updated: December 8, 2018 11:50 am

অসমৰ বাণিজ্যিক চাহ খেতিৰ ২০০ বছৰীয়া ইতিহাসত এইবাৰ প্ৰথমবাৰৰ বাবে এগৰাকী মহিলাই বাগানৰ সঞ্চালকৰ পদত আসীন হৈছে। তিনিচুকীয়া জিলাৰ ডুমডুমাৰ ‘এপীজে টী’ৰ হিলিকা চাহ বাগানত মঞ্জু বৰুৱা নামৰ মহিলাগৰাকীয়ে পৰম্পৰাগতভাৱে পুৰুষে বহি অহা এই আসনত বহি চাহ বাগিচাৰ সঞ্চালনাৰ দৰে প্ৰত্যাহ্বানক গ্ৰহণ কৰিছে।

মঞ্জু বৰুৱাৰ (৪৫) ঘৰ হৈছে শিলসাগৰৰ নাজিৰাত। তেওঁ ২০০০ চনৰ পৰাই এপীজে চাহ বাগিচাসমূহৰ বিভিন্ন পৰ্যায়ত কৰ্মৰতা আছিল। তেওঁ এই গ্ৰুপত এগৰাকী ট্ৰেইনি কল্যাণ বিষয়া হিচাপে যোগদান কৰিছিল. তেওঁক বাগানৰ সঞ্চালিকালৈ পদোন্নতি দিয়া হৈছিল আৰু চলিত বৰ্ষত হিলিকা চাহ বাগানত যোগদান কৰে।

অসম ট্ৰিবিউনৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত বৰুৱাই কয় যে তেওঁ এই পদবী লাভ কৰি অত্যন্ত সুখী। দীৰ্ঘদিন ধৰি সমজাত মহিলাসকলৰ স্থানৰ বিষয়ে থকা অন্ধবিশ্বাস দূৰ কৰিব পাৰিব বুলি তেওঁ আশাবাদী।

তেওঁ কয়, ‘‘এগৰাকী চাহ বাগানৰ সঞ্চালকৰ দায়িত্ব যথেষ্ট বেছি আৰু ইয়াৰ বাবে বাহিৰত যথেষ্ট ঘূৰি ফুৰিব লাগে। সৰুৰে পৰা মই বাহিৰত ঘূৰা-ফিৰা আৰু দুঃসাহসিক অভিযানত অংশগ্ৰহণ কৰি ভাল পাওঁ গতিকে বাবে মই এই দায়িত্ব ভালদৰে পালন কৰিব পাৰিম।”

সঞ্চালনাক লিংগ সংবেদনশীল কৰি ৰখা প্ৰৱণতাৰ এটা পৰিৱৰ্তন লাগে। এনেকুৱা কাম নাই যিটো কাম মহিলাই কৰিব নোৱাৰে। ‘‘বুদ্বিমত্তা হৈছে লিংগ নিৰপেক্ষ, কিন্তু মই ভাৱোঁ যে সঞ্চালনাৰ প্ৰতি এটা লিংগ নিৰপেক্ষতাৰ মনোভাৱ আনিব লাগিব। যদি উদ্দেশ্য আৰু অভিপ্ৰায় সঠিক হয় তেন্তে আপুনি কামৰ প্ৰতি ন্যায় কৰিব পাৰে। বাগান সঞ্চালনা গাঁথনিত কোন লিংগৰ প্ৰতিনিধি শীৰ্ষস্থানত আছে সেয়া বিচাৰ্য নহয়।’’ বৰুৱাই কয়।

এমবিএ ডিগ্ৰি থকা মঞ্জু বৰুৱাই কৈছে যে দীৰ্ঘদিন ধৰি চাহ উদ্যোগৰ সৈতে জড়িত থকাৰ বাবে তেওঁ সমাজৰ প্ৰয়োজনৰ প্ৰতি সংবেদনশীল আৰু সম্প্ৰদায়সমূহৰ কল্যাণৰ বাবে কাম কৰিব পাৰিব বুলি আত্মবিশ্বাসী। তেওঁ কয় যে তেওঁ তেওঁৰ পদবীক লৈ সামগ্ৰিকভাৱে গৰ্বিত।

Related News