• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰায় ২০০ বছৰীয়া পৰম্পৰা ভংগ কৰি চাহ বাগানৰ সঞ্চালিকাৰ পদত মহিলা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 8, 2018 11:50 am

2 min read

Manju
496
VIEWS
Share on FacebookShare on Twitter

অসমৰ বাণিজ্যিক চাহ খেতিৰ ২০০ বছৰীয়া ইতিহাসত এইবাৰ প্ৰথমবাৰৰ বাবে এগৰাকী মহিলাই বাগানৰ সঞ্চালকৰ পদত আসীন হৈছে। তিনিচুকীয়া জিলাৰ ডুমডুমাৰ ‘এপীজে টী’ৰ হিলিকা চাহ বাগানত মঞ্জু বৰুৱা নামৰ মহিলাগৰাকীয়ে পৰম্পৰাগতভাৱে পুৰুষে বহি অহা এই আসনত বহি চাহ বাগিচাৰ সঞ্চালনাৰ দৰে প্ৰত্যাহ্বানক গ্ৰহণ কৰিছে।

মঞ্জু বৰুৱাৰ (৪৫) ঘৰ হৈছে শিলসাগৰৰ নাজিৰাত। তেওঁ ২০০০ চনৰ পৰাই এপীজে চাহ বাগিচাসমূহৰ বিভিন্ন পৰ্যায়ত কৰ্মৰতা আছিল। তেওঁ এই গ্ৰুপত এগৰাকী ট্ৰেইনি কল্যাণ বিষয়া হিচাপে যোগদান কৰিছিল. তেওঁক বাগানৰ সঞ্চালিকালৈ পদোন্নতি দিয়া হৈছিল আৰু চলিত বৰ্ষত হিলিকা চাহ বাগানত যোগদান কৰে।

অসম ট্ৰিবিউনৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত বৰুৱাই কয় যে তেওঁ এই পদবী লাভ কৰি অত্যন্ত সুখী। দীৰ্ঘদিন ধৰি সমজাত মহিলাসকলৰ স্থানৰ বিষয়ে থকা অন্ধবিশ্বাস দূৰ কৰিব পাৰিব বুলি তেওঁ আশাবাদী।

তেওঁ কয়, ‘‘এগৰাকী চাহ বাগানৰ সঞ্চালকৰ দায়িত্ব যথেষ্ট বেছি আৰু ইয়াৰ বাবে বাহিৰত যথেষ্ট ঘূৰি ফুৰিব লাগে। সৰুৰে পৰা মই বাহিৰত ঘূৰা-ফিৰা আৰু দুঃসাহসিক অভিযানত অংশগ্ৰহণ কৰি ভাল পাওঁ গতিকে বাবে মই এই দায়িত্ব ভালদৰে পালন কৰিব পাৰিম।”

সঞ্চালনাক লিংগ সংবেদনশীল কৰি ৰখা প্ৰৱণতাৰ এটা পৰিৱৰ্তন লাগে। এনেকুৱা কাম নাই যিটো কাম মহিলাই কৰিব নোৱাৰে। ‘‘বুদ্বিমত্তা হৈছে লিংগ নিৰপেক্ষ, কিন্তু মই ভাৱোঁ যে সঞ্চালনাৰ প্ৰতি এটা লিংগ নিৰপেক্ষতাৰ মনোভাৱ আনিব লাগিব। যদি উদ্দেশ্য আৰু অভিপ্ৰায় সঠিক হয় তেন্তে আপুনি কামৰ প্ৰতি ন্যায় কৰিব পাৰে। বাগান সঞ্চালনা গাঁথনিত কোন লিংগৰ প্ৰতিনিধি শীৰ্ষস্থানত আছে সেয়া বিচাৰ্য নহয়।’’ বৰুৱাই কয়।

এমবিএ ডিগ্ৰি থকা মঞ্জু বৰুৱাই কৈছে যে দীৰ্ঘদিন ধৰি চাহ উদ্যোগৰ সৈতে জড়িত থকাৰ বাবে তেওঁ সমাজৰ প্ৰয়োজনৰ প্ৰতি সংবেদনশীল আৰু সম্প্ৰদায়সমূহৰ কল্যাণৰ বাবে কাম কৰিব পাৰিব বুলি আত্মবিশ্বাসী। তেওঁ কয় যে তেওঁ তেওঁৰ পদবীক লৈ সামগ্ৰিকভাৱে গৰ্বিত।

Recent News

দেৰগাঁও সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছ বিধায়িকা আৰতি হাজৰিকা কছাৰীৰ দেহাৱসান

দেৰগাঁও সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছ বিধায়িকা আৰতি হাজৰিকা কছাৰীৰ দেহাৱসান

মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd