NORTHEAST NOW (Assamese)

মাজুলী জিলা দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ দ্বাৰা ম’ক ড্ৰিল’ৰ আয়োজন

December 21, 2018 3:15 pm · মিটু খাটনিয়াৰ  
Updated: December 21, 2018 3:16 pm

যিকোনো সময়তে ভূমিকম্পৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ পৰিস্থিতিৰে যথোচিত ভাৱে মোকাবিলা কৰাৰ বাবে চৰকাৰী বিভাগ-সংস্থা সমূহৰ লগতে অসামৰিক প্ৰতিৰক্ষাৰে জড়িত স্বেচ্ছাসেৱী গোটসমূহকো নিয়মীয়া অনুশীলনেৰে সষ্টম হৈ থকাৰ সুযোগ দিবলৈ ৰাজ্য চৰকাৰৰ নিৰ্দেশত মাজুলীত এক দুৰ্যোগ ব্যৱস্থাপনাৰ অনুশীলন (‘ম’ক ড্ৰিল’)ৰ আয়োজন কৰে জিলা দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণে।  যোৱাকালি ২০ ডিচেম্বৰ বৃহস্পতিবাৰে এই মক ড্ৰিলৰ আয়োজন কৰা হয়।

ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ (DDMA) পৰ্যবেক্ষকৰ নিৰীক্ষণত এই জিলাস্তৰীয় দুৰ্যোগ প্ৰশমনৰ উদ্ধাৰ আৰু সাহাৰ্য অভিযানৰ আখৰা  ১০ বজাৰ পৰা কমলাবাৰী আৰু গড়মূৰৰ পাঁচটা স্থানত একে সময়তে সম্পন্ন কৰা হয় ।

প্ৰায় ৮ ৰিখটাৰ স্কেল প্ৰাবল্যৰ এক কাল্পনিক ভূমিকম্পৰ প্ৰেক্ষাপটক কেন্দ্ৰ কৰি ডিডিএমএৰ পৰিচালনাত কমলাবাৰীৰ বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়, কমলাবাৰী দৈনিক বজাৰ, মাজুলী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়, কমলাবাৰী মিলন সংঘৰ লগতে গড়মূৰ অসামৰিক চিকিৎসালয়ত এই জৰুৰীকালীন উদ্ধাৰ আৰু সাহাৰ্য অভিযানৰ আখৰা অনুষ্ঠিত কৰা হয়।

Related News