NORTHEAST NOW (Assamese)

ছুৰা খানৰ সৈতে বিবাহত বহি সন্তানক পাহৰিলে আৰবাজ খানে! কাৰ লগত থাকিব পুত্ৰ আৰহান?

May 12, 2024 10:44 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 12, 2024 10:47 am

মালাইকা অৰোৰাৰ আৰবাজ খানৰ সৈতে বিবাহ বিচ্ছেদ হোৱা কেইবাবছৰো পাৰ হ’ল। কিন্তু তেওঁলোকে এতিয়াও এক আন্তৰিক সম্পৰ্ক বজাই ৰাখিছে। আৰু ইয়াৰে এটা কাৰণ হ’ল পুত্ৰ আৰহান। আৰহানৰ বাবে মালাইকা আৰু আৰবাজে এতিয়াও ইজনে সিজনক দেখা পাইছে। জনা যায় যে মালাইকা আৰহানৰ লগত বন্ধুৰ দৰে।

অভিনেত্ৰীগৰাকীয়ে অনুভৱ কৰে যে সন্তানৰ লগত যিমানেই মুকলি হৈ থাকে সিমানেই ভাল হয়। গতিকে মালাইকাই আৰহানক তেওঁৰ লগত নিৰাপদ আৰু স্বাধীন অনুভৱ কৰিবলৈ চেষ্টা কৰে। শেহতীয়াকৈ আৰহানৰ প’ডকাষ্টত মাতৃ-পুত্ৰৰ বাৰ্তালাপে নেটিজেনসকলক আপ্লুত কৰিছিল। সেই কথা-বতৰাৰ পৰাই স্পষ্ট হৈ পৰে মালাইকা-আৰহানৰ সম্পৰ্ক কিমান বন্ধুত্বপূৰ্ণ।

মালাইকাই প’ডকাষ্টত কয়, “মা আৰু পুত্ৰৰ সম্পৰ্কই আটাইতকৈ মূল্যৱান। প্ৰতিটো শিশুৰ মাকৰ লগত সম্পৰ্ক বেলেগ বেলেগ। কিছুমান মাতৃ বন্ধুৰ দৰে, কিছুমান গুৰুৰ দৰে, আৰু কিছুমান মাতৃ অতি কঠোৰ। কিন্তু, মই মোৰ সন্তানৰ সৈতে বন্ধু হৈ থাকিব বিচাৰো। তেতিয়া সন্তানটিয়ে মনটো খুলি সকলো কথা ক’ব পাৰে।”

উল্লেখযোগ্য যে আৰবাজ খানৰ সৈতে বিচ্ছেদ ঘটাই অভিনেতা অৰ্জুন কাপুৰৰ সৈতে সম্পৰ্ক স্থাপন কৰিছে মালাইকাই। আনহাতে, কিছুদিন পূৰ্বে আৰবাজে শিল্পী ছুৰা খানৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল।

Related News