NORTHEAST NOW (Assamese)

কমলা হেৰিছৰ কাষত মল্লিকা শ্বেৰাৱট; কেনেকৈ ঘটিল এই সংযোগ?

November 10, 2020 8:33 am · এন ই নাও নিউজ

স্বাভাৱিকতে আচৰিত হোৱাৰেই কথা। আমেৰিকাৰ নৱ নিৰ্বাচিত উপ ৰাষ্ট্ৰপতি কমলা হেৰিছৰ কাষত বলীউদৰ আবেদনময়ী অভিনেত্ৰী মল্লিকা শ্বেৰাৱটৰ থিয় হৈ উঠা এখন ফটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

দৰাচলতে, আমেৰিকাৰ উপ ৰাষ্ট্ৰপতি কমলা হেৰিছৰ সৈতে এক অনুষ্ঠানত অংশ গ্ৰহণ কৰিছিল বলীউদ অভিনেত্ৰী মল্লিকা শ্বেৰাৱট।  শুনি অবাক হ’বলগীয়া কথাই যদিও এয়া সত্য।

এতিয়াৰ পৰা ১১বছৰ পূৰ্বে দুয়োগৰাকীয়ে একলগে পাৰ্টি কৰাৰ কথা জানিব দিছিল মল্লিকা শ্বেৰাৱটে। কমলা হেৰিছ এইবাৰ আমেৰিকাৰ উপ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ সময়ত সেই পুৰণি ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

প্ৰায় এক দশক পূৰ্বে ‘পলিটিক্স অফ লাভ’ নামৰ এখন ছবিত মল্লিকা শ্বেৰাৱাটে অভিনয় কৰিছিল। তাত তেওঁ এগৰাকী ডেম’ক্ৰেট কৰ্মীৰ চৰিত্ৰত অভিনয় কৰিছিল।

ছবিৰ বিষয়ে বিতং জানিবলৈ মল্লিকাই ২০০৯চনত ছান ফ্ৰান্সিছকোলৈ গৈছিল। তাতেই কমলা হেৰিছৰ সৈতে তেওঁৰ সাক্ষাৎ হয়।

তেওঁলোকৰ সেই সাক্ষাতৰ পাছতে মল্লিকাই এটা টুইটো কৰিছিল যিটো এতিয়া ভাইৰেল হৈ পৰিছে।

২০০৯ৰ সেই টুইটোত মল্লিকাই লিখিছিল,’’এটা অনুষ্ঠানত এনে এগৰাকী মহিলাৰ সৈতে উপভোগ কৰিছো যিগৰাকী আমেৰিকাৰ প্ৰেছিডেন্টো হ’ব পাৰে। তেওঁ কমলা হেৰিছ। নাৰী শক্তি!’’

মল্লিকা শ্বেৰাৱাটে সেই ছবি সোমবাৰে নিজেই প’ষ্ট কৰিছে। তাত তেওঁ লিখিছে,’’ আমেৰিকাৰ নতুন উপ ৰাষ্ট্ৰপতি কমলা হেৰিছৰ ষ্টাইলত মোৰ হলীউদৰ ছবি পলিটিক্স অফ লাভৰ এটা চৰিত্ৰ কৰি খুব ভাল লাগিছিল।‘’

পলিটিক্স অফ লাভ ২০১১চনত উইলিয়াম ডিয়াৰৰ পৰিচালনাত নিৰ্মিত এখন ৰোমান্টিক কমেডি ছবি আছিল। ছবিখনত ব্ৰিয়ান জে হোৱাইটৰ বিপৰীতে মল্লিকা শ্বেৰাৱাটে অভিনয় কৰিছিল।

Related News