NORTHEAST NOW (Assamese)

মনোনয়নপত্ৰ দাখিলৰ সময়তে মমতা বেনাৰ্জীক আক্ৰমণ, ভৰি আৰু বুকুত গুৰুতৰ আঘাত

March 10, 2021 7:30 pm · এন ই নাও নিউজ

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক নিৰ্বাচনী সভাত আক্ৰমণ কৰা হৈছে।

নন্দীগ্ৰামৰ বাৰলীয়া নামৰ ঠাইখনত এক নিৰ্বাচনী প্ৰচাৰ সভাত বুধবাৰে এই কাণ্ড সংঘটিত হৈছে।

মুখ্যমন্ত্ৰীজনে এই বিষয়ে সাংবাদিকসকলক কয় যে তেওঁ গাড়ীৰ ভিতৰত বহি থকা অৱস্থাত গাড়ীখনৰ দুৱাৰ বন্ধ কৰিবৰ চেষ্টা কৰি কেইজনমান অচিনাকী দুবৃৰ্ত্তই তেওঁক আক্ৰমণ কৰে।

আনকি তেওঁৰ এখন ভৰি আৰু বুকুতো আঘাট পোৱা বুলি মুখ্যমন্ত্ৰীজনে অভিযোগ কৰিছে।

উল্লেখযোগ্য যে উক্ত স্থানত কোনো আৰক্ষী উপস্থিত নাছিল।

মমতাই অভিযোগ কৰি কয় যে তেওঁৰ ওপৰত ষড়যন্ত্ৰ কৰা হৈছে।

বংগ নিৰ্বাচনত নন্দীগ্ৰাম সমষ্টিৰ পৰা তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতাই প্ৰতিদ্বন্দিতা কৰিছে।

বুধবাৰে তেওঁ মনোনয়নপত্ৰ দাখিল কৰাৰ পাছতে এই আক্ৰমণৰ ঘটনা সংঘটিত হৈছে।

ইতিমধ্যে মমতাই নন্দীগ্ৰামৰ পৰা কলকাতালৈ উভটি গৈছে।

উল্লেখযোগ্য মনোনয়নপত্ৰ দাখিল কৰি মমতাই ১১ মাৰ্চত নন্দীগ্ৰামতে মহাশিৱৰাত্ৰি পালন কৰাৰ কথা আছিল।

বিষয়টো সংক্ৰান্তত তৃণমূল কংগ্ৰেছে নিৰ্বাচনী আয়োগক এখন অভিযোগপত্ৰ দাখিল কৰাৰ সম্ভাৱনা আছে।

Related News