NORTHEAST NOW (Assamese)

CAA-ৰ বিৰুদ্ধে বিধানসভাত প্ৰস্তাৱ গ্ৰহণ কৰিলে মমতা বেনাৰ্জীৰ পশ্চিম বংগই

January 28, 2020 4:26 pm · এন ই নাও নিউজ
Updated: January 28, 2020 4:27 pm

বিতৰ্কিত নাগৰিকত্ব (সংশোধন) আইনৰ বিৰুদ্ধে প্ৰস্তাৱ গ্ৰহণ কৰিলে মমতা বেনাৰ্জীৰ পশ্চিম বংগই।

২৭ জানুৱাৰিত পশ্চিম বংগ বিধানসভাত আইনখনৰ বিৰোধিতা কৰি প্ৰস্তাৱ গ্ৰহণ কৰা হয় আৰু সেইদৰেই ই বিধানসভাত CAA-ৰ বিৰোধিতা কৰি প্ৰস্তাৱ লোৱা দেশৰ চতুৰ্থখন ৰাজ্যত পৰিণত হয়।

ইয়াৰ পূৰ্বে কেৰালা, পাঞ্জাব আৰু ৰাজস্থান বিধানসভাই CAA-ৰ বিৰোধিতা কৰি প্ৰস্তাৱ লৈছিল। আটাইকেইখন ৰাজ্যতে অবিজেপি চৰকাৰ আছে।

লগতে পঢ়ক তেলেংগানা বিধানসভায়ো প্ৰস্তাৱ ল’ব CAA-ৰ বিৰোধিতা কৰি; দেশৰ আঞ্চলিক দলবোৰৰ বৈঠক পতাৰ সিদ্ধান্ত

পশ্চিম বংগৰ শাসক দল তৃণমূল কংগ্ৰেছৰ শীৰ্ষ নেত্ৰী তথা মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে যে এগৰাকী CAA আৰু NRC পশ্চিম বংগত তেওঁৰ মৃতদেহৰ ওপৰতহে বলৱৎ কৰিব পাৰিব।

ৰাজ্যখনৰ বিধানসভাত মমতা বেনাৰ্জীৰ দলটোৰ দুই তৃতীয়াংশতকৈ অধিক সদস্য আছে।

আনহাতে আইনখনৰ বিৰুদ্ধে বিধানসভাত প্ৰস্তাৱ লোৱা হ’ব পাৰে বুলি অলপতে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে তেলেংগানাৰ মুখ্য মন্ত্ৰী কে চন্দ্ৰশ্বেখৰ ৰাৱে।

ৰাজ্যবোৰৰ এই ধৰণৰ স্থিতি সন্দৰ্ভত জ্যেষ্ঠ কংগ্ৰেছী নেতা তথা উচ্চতম ন্যায়ালয়ৰ এজন অধিবক্তা কপিল শিৱালে কৈছে যে ৰাজ্যবোৰে কেন্দ্ৰক CAA প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাই প্ৰস্তাৱ ল’ব পাৰে, কিন্তু বলৱৎকৰণ অস্বীকাৰ কৰিব নোৱাৰে।

Related News