• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিটিচিৰ পৰা আঁতৰিব অবড়ো গাঁও, অন্তৰ্ভুক্ত হ’ব বিটিএডিৰ বাহিৰৰ বড়ো গাঁও : হিমন্ত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 28, 2020 2:42 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে নিখিল বড়ো ছাত্ৰ সন্থা, এনডিএফবিৰ চাৰিটা গোটৰ মুৰব্বী, বিটিচি প্ৰশাসন, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত স্বাক্ষৰিত হোৱা বড়ো শান্তি চুক্তিৰ পাছতে আজি জনতা ভৱনত এক সংবাদমেল সম্বোধন কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

সংবাদমেলত বিটিচিৰ পৰা সম্পূৰ্ণ অবড়ো গাঁওসমূহ আঁতৰিব পাৰিব বুলি হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰাৰ লগতে বিটিএডিৰ বাহিৰৰ বা সীমামুৰীয়া বড়ো গাওঁসমূহ অন্তৰ্ভুক্ত হ’ব পাৰিব বুলি মন্তব্য প্ৰকাশ কৰে।

Apply Now

তেওঁ কয়, ‘BTCৰ পৰা পুৰণা অবড়ো গাঁও আতঁৰিব পাৰিব। সম্পূৰ্ণ অনা বড়ো লোকে বাস কৰা গাঁও আছে বিটিচিত। এই চুক্তিৰ জৰিয়তে অনা বড়ো গাওঁসমূহ এতিয়াৰ পৰা বড়োলেণ্ডৰ পৰা ওলাই অহাৰ সুবিধা লাভ কৰিলে। বিটিচিৰ অন্তৰ্ভুক্ত নোহোৱা বা সীমাত লাগি থকা বড়ো গাঁও এতিয়া ইচ্ছা কৰিলে বড়োলেণ্ডৰ অন্তৰ্ভুক্ত হ’ব পাৰিব। ইয়াৰ জৰিয়তে সামাজিক সংঘাত দূৰীকৰণ হ’ব।‘

ইপিনে, ইয়াক লৈ ৰাজ্য চৰকাৰে এখন কমিচন গঠন কৰিব বুলি জানিবলৈ দি হিমন্ত বিশ্বই কয় ‘উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ এজনক অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হ’ব। অবড়ো অথবা বড়োসকল যিসকলে ওলাই আহিব খোজে বা সোমাব খোজে তেন্তে কমিছনৰ ওচৰত আবেদন কৰিব পাৰিব।‘

আনহাতে, অহা ৭ ফেব্ৰুৱাৰীত নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক অসমলৈ আহিবৰ বাবে ইতিমধ্যে আমন্ত্ৰণ জনোৱা হৈছে বুলি জানিবলৈ দি তেওঁ কয় ‘আশা কৰিছো নৰেন্দ্ৰ মোদীয়ে বড়ো চুক্তিত আশীৰ্বাদ দিব। কোকৰাঝাৰত অনুষ্ঠিত হ’ব প্ৰধান মন্ত্ৰীৰ অনুষ্ঠান।‘

তদুপৰি অসমৰ ইতিহাসত কালিৰ দিনটো সোণোৱালী দিন বুলি দাবী কৰি হিমন্ত বিশ্ব শৰ্মাই কয় ‘বিভাজনৰ সম্পূৰ্ণ আশংকা অসমবাসীৰ মনৰ পৰা আঁতৰোৱা হ’ল। বড়ো ৰাইজৰ আশা আকাংক্ষাক সম্পূৰ্ণ সন্মান জনোৱা হৈছে।‘

ইপিনে, বড়োলেণ্ডত নতুনকৈ এখনো অবড়ো গাঁও এখনো অন্তৰ্ভুক্ত নহয় বুলি উল্লেখ কৰি তেওঁ কয় ‘বড়োলেণ্ডৰ বাহিৰত বড়ো গাঁওক লগত লৈ স্বায়ত্ত শাসিত পৰিষদ সৃষ্টি কৰা হ’ব। স্বায়ত্ব শাসিত ব্যৱস্থা টনকিয়াল কৰাৰ লগতে বড়ো ভাষাৰ উত্তৰণ তৰাম্বিত কৰা হ’ব। বড়ো ভাষাক ৰাজ্যৰ সংযোগী ভাষা হিচাপে স্বীকৃতি দিয়া হৈছে।‘

তদুপৰি অহা ৩০ জানুৱাৰীত NDFB ৰ চাৰিটা গোটে অস্ত্ৰ সম্বৰণ কৰিব বুলি উল্লেখ কৰি হিমন্তৰ মন্তব্য ‘১৫০০ তকৈ অধিক NDFB কেডাৰে তেওঁলোকৰ সকলো অস্ত্ৰ সম্বৰণ কৰিব। গুৱাহাটী নাইবা ওদালগুৰিত হ’ব অস্ত্ৰ সম্বৰণ অনুষ্ঠান।‘

ইপিনে, অহা ৭ ফেব্ৰুৱাৰিত প্ৰধান মন্ত্ৰী অসমলৈ অহাৰ বাবে অসম সাহিত্য সভাৰ অধিৱেশনত ভাৰতৰ ৰাষ্ট্ৰপতি অংশগ্ৰহণ কৰিবলৈ নাহে বুলিও হিমন্ত বিশ্বই সদৰী কৰে।

আনহাতে, একেখন সংবাদমেলতে নুমলীগড় তেল শোধনাগাৰ ৰাজহুৱা খণ্ডৰ হাততে থাকিব বুলি দাবী কৰে হিমন্তই।

তেওঁ কয় ‘কেন্দ্ৰীয় চৰকাৰে নুমলীগড় তেল শোধানাগাৰক শেহতীয়াকৈ ৰাজহুৱা খণ্ডত ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰে। এই শোধানাগাৰ যেতিয়া স্থাপন হয় তেতিয়া ২৬ শতাংশ OIL ৰ হাতত আৰু ৰাজ্য চৰকাৰৰ হাতত ২৬ শতাংশ আছিল। কংগ্ৰেছ চৰকাৰে ৰাজ্য চৰকাৰৰ অংশীদাৰীত্ব ১২.৩ শতাংশলৈ কমাই আনি বাকী অংশ BCPL ক বিক্ৰী কৰি দিছিল। অসম চৰকাৰে নুমলীগড় শোধনাগাৰৰ পূৰ্বৰ ২৬ শতাংশলৈ ঘুৰাই দিবলৈ কেন্দ্ৰীয় চৰকাৰক প্ৰস্তাৱ দিয়া হৈছিল আৰু কেন্দ্ৰীয় চৰকাৰে দায়িত্ব সহকাৰে বিবেচনা কৰি আছে। ৰাজ্য চৰকাৰে প্ৰায় ১৫০০ কোটি টকা খৰচ কৰি BCPL ৰ পৰা বাকী ১৩ শতাংশ ক্ৰয় কৰিব লাগিব। অতিৰিক্ত পুঁজি খৰছ কৰি বা সংগ্ৰহ কৰি এই ধনেৰে অংশীদাৰীত্ব ঘূৰাই আনিবলৈ ৰাজ্য চৰকাৰ প্ৰস্তুত।‘ হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

September 8, 2026 10:06 am
মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

September 8, 2026 8:38 am
সীমান্তৰ পৰিস্থিতিৰ পৰ্যালোচনা! অৰুণাচলত প্ৰথমবাৰৰ বাবে ভাৰত-চীন কৰ্পছ কমাণ্ডাৰৰ বৈঠক

সীমান্তৰ পৰিস্থিতিৰ পৰ্যালোচনা! অৰুণাচলত প্ৰথমবাৰৰ বাবে ভাৰত-চীন কৰ্পছ কমাণ্ডাৰৰ বৈঠক

September 8, 2026 8:36 am
একাপ ‘নীলা চাহ’ৰ চমৎকাৰ: ডায়েবেটিছ নিয়ন্ত্ৰণৰ পৰা মানসিক চাপ দূৰ কৰালৈকে, কেনেকৈ বনাব এই বিশেষ পানীয়?

একাপ ‘নীলা চাহ’ৰ চমৎকাৰ: ডায়েবেটিছ নিয়ন্ত্ৰণৰ পৰা মানসিক চাপ দূৰ কৰালৈকে, কেনেকৈ বনাব এই বিশেষ পানীয়?

September 8, 2026 7:16 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

September 8, 2026 10:06 am
মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

September 8, 2026 8:38 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd