NORTHEAST NOW (Assamese)

অসমত উপস্থিত বংগৰ তৃণমূলৰ প্ৰতিনিধি : ৰাজ্যত প্ৰতিবাদী আন্দোলন চলাই যোৱাৰ হুংকাৰ

November 4, 2018 10:24 am · এন ই নাও নিউজ

পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীৰ নিৰ্দেশত ধলাৰ জঘন্য নিৰীহ হত্যাকাণ্ডৰ বুজ ল’বলৈ পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছৰ এটা চাৰিজনীয়া প্ৰতিনিধিৰ দল অসমত উপস্থিত হয়হি। প্ৰতিনিধিৰ দলটোত অহা কেইজন ক্ৰমে সাংসদ ডেৰিক অ’বব্ৰেইন, সাংসাদ মহুৱা মৈত্ৰা, মমতা বালা ঠাকুৰ, নাজিমুল হক।

পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছৰ সাংসদ ডেৰিক অ’বব্ৰেইনৰ নেতৃত্বত অহা প্ৰতিনিধিৰ দলটো ডিব্ৰুগড় বিমান বন্দৰত উপস্থিত হৈয়ে প্ৰৰোচনামূলক মন্তব্য প্ৰদান কৰে।

প্ৰতিনিধিৰ দলটোৱে ডিব্ৰুগড়ৰ বিমান বন্দৰত উপস্থিত হৈ সাংবাদিকৰ আগত কয় যে, ‘সংঘটিত ঘটনাটো এক ভয়ানক ঘটনা। এই আন্দোলন আৰম্ভ হৈছে আৰু এই আন্দোলন থমকি নৰয়। যেতিয়ালৈকে কোনে, কিয় সংঘটিত কৰিলে এই কথা পোহৰলৈ নাহে।’

ডিব্ৰুগড় বিমান বন্দৰৰ পৰা প্ৰতিনিধিৰ দলটো পোনে পোনে তিনিচুকীয়া জিলাৰ ধলাত উপস্থিত হ’ব বুলি জানিব পৰা গৈছে।

প্ৰতিনিধিৰ দলটোৱে ধলাত ১ নৱেম্বৰত সংঘটিত ঘটনাটোত নিহত পৰিয়ালৰ লোকক সাক্ষাৎ কৰি সমগ্ৰ ঘটনাৰ বুজ ল’ব।

ইফালে অসমত ভাতৃঘাটী সংঘৰ্ষ সৃষ্টি কৰিব পৰা যিকোনো কাৰ্যৰ পৰা বিৰত থাকিবলৈ পশ্চিমবংগৰ তৃণমূলবাহীনিক সকীয়নি প্ৰদান কৰিছে অসমৰ বিভিন্ন জাতীয় দল-সংগঠন সমূহে।

Related News