NORTHEAST NOW (Assamese)

বিমান হেৰুওৱাৰ শংকা! বিমান ধৰিবলৈ বিলম্বিত যাত্ৰীয়ে ল’লে আজৱ পন্থা

February 20, 2023 8:37 pm · এন ই নাও নিউজ, গুৱাহাটী

কোনো কাৰ্যত নিজৰ বিলম্ব ঘটিলে সাধাৰণতে নিজৰ সুৰক্ষাৰ বাবে মানুহে বহুসময়ত কৌশলী পন্থাৰ আশ্ৰয় লয়। একেদৰে যাত্ৰাৰ ক্ষেত্ৰত বিলম্ব ঘটিলেও বহুসময়ত নিৰ্দিষ্ট বাহনখন ধৰিবলৈও নানা কৌশল অৱলম্বন কৰে। পিছে হায়দৰাবাদৰ এগৰাকী ব্যক্তিয়ে শেহতীয়াকৈ লোৱা এনে এক কৌশলৰ বিষয়ে শুনিলে চকু কপালত উঠিব আপোনাৰ।

ব্যক্তিগৰাকীয়ে হায়দৰাবাদৰ পৰা চেন্নাইলৈ যাত্ৰা কৰাৰ উদ্দেশ্যে বিমানৰ টিকট বুক কৰিছিল। পিছে বিমানবন্দৰত উপস্থিত হোৱাত তেওঁৰ কিছু পলম হয়। এনে পৰিস্থিতিত নিৰ্দিষ্ট বিমানখন হেৰুওৱাৰ শংকা উপজে ব্যক্তিগৰাকীৰ মনত।

বিমানখন যাতে তেওঁ বিমানবন্দৰ পোৱাৰ পূৰ্বে উৰা নামাৰে আৰু যাত্ৰাৰ বাবে তেওঁ বিমানখন ধৰিব পাৰে, তাৰ চিন্তা কৰে ব্যক্তিগৰাকীয়ে আৰু সেয়ে গ্ৰহণ কৰে এক আজৱ পন্থা। বিমানখন কিছু সময় বিমানবন্দৰত ৰখোৱাৰ পৰিকল্পনাৰে তেওঁ হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ ফোন কৰে।

ফোনত তেওঁ বিমানখনত বোমা থকা বুলি ভাবুকি দিয়ে। এই ভাবুকি পোৱাৰ পিছতে হাহাকাৰ লাগে বিমানখনত থকা যাত্ৰীসকলৰ মাজত। বিমানবন্দৰৰ নিৰাপত্তাৰক্ষীয়ে লগে লগে বিমানখন পৰীক্ষা কৰে আৰু বিমানত থকা সকলো যাত্ৰীক বিমানখনৰ পৰা নমাই দিয়ে।

পিছে তন্ন-তন্নকৈ পৰীক্ষা কৰাৰ পাছতো বিমানত কোনো বোমাৰ সম্ভেদ লাভত ব্যৰ্থ হয় নিৰাপত্তাৰক্ষীৰ দল। পিছত প্ৰাথমিক তদন্ততহে ওলায় উৰহীৰ উৰ। তেওঁলোকে জানিব পাৰে যে চেন্নাই অভিমুখী বিমানখন ধৰাত বিলম্বৰ আশংকা কৰিয়ে এগৰাকী যাত্ৰীয়ে এই ভুৱা ভাবুকিৰ আশ্ৰয় লয়।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ইতিমধ্যে এই ভুৱা ভাবুকি দিয়া অভিযুক্ত ব্যক্তিগৰাকীক চিনাক্ত কৰা হৈছে আৰু তেওঁক জিম্মাত লোৱা হৈছে। তেওঁৰ বিৰুদ্ধে অপৰাধমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আৰক্ষীয়ে সদৰী কৰিছে।

Related News