মাজবাট আৰক্ষীয়ে পাহাৰপুৰত চাৰিখনকৈ বিলাসী বাহনৰ পৰা জব্দ কৰিলে ৬৩০ কিলোগ্ৰাম গাঞ্জা

Screenshot_20220318-170638_Gallery-01

ফটো: নৰ্থইষ্ট নাও।

ওদালগুৰিৰ মাজবাট আৰক্ষীয়ে আজি এক বৃহৎ সফলতা লাভ কৰিছে। লালপানী আৰক্ষী চকীৰ অন্তৰ্গত পাহাৰপুৰৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছে। মুঠ ৪ খনকৈ বিলাসী বাহনৰ পৰা জব্দ কৰা হৈছে ৬৩০ কিলোগ্ৰাম গাঞ্জা।

মাজবাট আৰক্ষীয়ে গোপন সূত্ৰৰ খৱৰৰ ভিত্তিত আজি ৰাতিপুৱা অভিযান চলাই এই বৃহৎ পৰিমাণৰ গাঞ্জা খিনি জব্দ কৰে। অৰুণাচলৰ পৰা অসমলৈ সৰবৰাহ কৰিছিল এই বৃহৎ পৰিমাণৰ গাঞ্জা খিনি।

মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জে পি শৰ্মাৰ নেতৃত্বত এই অভিযান চলোৱা হৈছিল।

লগতে পঢ়ক: সন্ত্ৰাসবাদীৰে সম্পৰ্ক আছে কাশ্মীৰ ফাইলছৰ নিৰ্মাতাৰ! বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ মন্তব্যত জোকাৰণি

অভিযান কালত মাজবাট আৰক্ষীয়ে এজন গাঞ্জা সৰবৰাহকাৰীক আটক কৰিছে। আটকাধীন গাঞ্জা সৰবৰাহকাৰী জনৰ নাম অনচাই দৈমাৰী। অনচাই দৈমাৰীৰ ঘৰ মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত আদৰ্শ বাহাদুৰ গাঁৱত।

গাঞ্জা কঢ়িয়াই অনা বিলাসী বাহন কেইখনৰ নম্বৰ হৈছে ক্ৰমে- I20 AS06Q 0877, AS 12V 0868( I20) AR 01J 2843( swift Dizere) AS01 AF8841 ( INDIGO CS)।