NORTHEAST NOW (Assamese)

ক’ৰপৰা আহিল আমেৰিকাত নিৰ্মিত ৰিভলভাৰ? নগাঁৱত গ্ৰেপ্তাৰ যুৱক

July 24, 2024 11:57 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: July 24, 2024 10:05 am

মঙলবাৰে নগাঁৱ জিলাত আমেৰিকাত নিৰ্মিত ৰিভলভাৰ ব্যৱহাৰৰ অভিযোগত এজন লোকক গ্ৰেপ্তাৰ কৰা হয়।

আৰক্ষী সূত্ৰৰ মতে, অভিযুক্তক শেহতীয়া এক গুলীচালনাৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে। উক্ত গুলীচালনাত অভিযুক্ত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। 

আৰক্ষীয়ে জনোৱা মতে, লাভ কৰা তথ্যৰ ভিত্তিত আৰক্ষীয়ে নগাঁৱৰ শিয়ালমাৰী অঞ্চলত থকা তেওঁৰ ঘৰত তালাচী চলাই তেওঁৰ হাতত এটা .২২ কেলিবাৰ ৰিভলভাৰ উদ্ধাৰ কৰে।

ইয়াৰ পিছতে ততাতৈয়াকৈ গ্ৰেপ্তাৰ কৰে চান্দ মিয়া নামৰ অভিযুক্তক।

উল্লেখ্য যে পূৰ্বেও একাধিক ডকাইতিৰ লগত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছিল আৰক্ষীয়ে।

সূত্ৰটোৱে লগতে কয় যে তেওঁৰ হাতৰ পৰা জব্দ কৰা বন্দুকটোৰ উৎসৰ বিষয়ে এতিয়া তদন্ত চলি আছে।

Related News