NORTHEAST NOW (Assamese)

ঘৰুৱা অশান্তি : স্বামীয়ে কাটি দুচেও কৰিলে নিদ্ৰাৰত পত্নীৰ হাতৰ আঙুলি, ক’ত?

March 27, 2021 9:55 am · এন ই নাও নিউজ

পত্নীৰ ওপৰত চলোৱা চৰম অত্যাচাৰৰ বাবে শিৰোনামাত আহিছে মধ্যপ্ৰদেশৰ এজন লোক।

ৰাজ্যখনৰ বেতুল জিলাৰ চিচলী গাঁৱত বৃহস্পতিবাৰে ৰাতিপুৱা এজন লোকে নিজৰ পত্নীৰ এখন হাতৰ বুঢ়া আঙুলি আৰু আনখন হাতৰ তিনিটাকৈ আঙুলি কাটি পেলায়।

লোকজনৰ নাম ৰাজু বানস্কাৰ নামেৰে জনা গৈছে।

আৰক্ষীয়ে জনোৱামতে, লোকজনে বিভিন্ন ঘৰুৱা বিষয়ত পত্নীৰ স’তে সঘনে কাজিয়াত লিপ্ত হয়।

আৰক্ষীয়ে জনায় যে বৃহস্পতিবাৰে পুৱা পত্নী নিদ্ৰাৰত অৱস্থাতে ৰাজুৱে তাইৰ আঙুলিকেইটা কুঠাৰেৰে কাটি পেলায়।

ইয়াৰ পাছতে ৰাজুৰ পত্নীক ভূপালৰ হামিদিয়া হস্পিতাললৈ লৈ যোৱা হয়।

স্থানীয় আৰক্ষীয়ে ৰাজুক আটক কৰে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও অনুৰূপ এটা ঘটনাই মধ্যপ্ৰদেশ জোকাৰি গৈছিল।

ৰাজ্যখনৰ সাগৰ জিলাত ২২ মাৰ্চ তাৰিখে এজন লোকে তেওঁৰ পত্নীৰ হাত দুখন কাটি জংঘলত এৰি থৈ আহিছিল।

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে এই অপৰাধসমূহপ প্ৰতি খেদ প্ৰকাশ কৰি কয় যে কঠোৰ আইনৰ দ্বাৰা এইসমূহ বাধা দিব পৰা যাব।

Related News