গুৱাহাটীত ডিভাইডাৰৰ গছত চিপ লৈ আত্মহত্যা যুৱকৰ

Youth commits suicide in Udalguri’s Kalaigaon

প্ৰতীকী ছবি।

মহানগৰীৰ ভিআইপি ৰোডত চিপ লৈ আত্মহত্যা কৰে এজন যুৱকে।

হিন্দুস্তান কলেজৰ সমীপৰ মেগজিনত পথৰ ডিভাইডাৰৰ গছত ওলমি থকা অৱস্থাত শনিবাৰে উদ্ধাৰ হৈছে যুৱকজনৰ মৃতদেহ৷

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে নাম হৈছে নিপেন ডেকা(নিতুল)। প্ৰায় ৩০-৩৫ বছৰ বয়স হব যুৱকজনৰ।

যুৱকজনে নিৰুপমা ইঞ্জিনীয়াৰিঙত কাম কৰিছিল।

লকডাউনৰ সময়ত নাপিতৰ কাম কৰিছিল যুৱকজনে৷ যুৱকজনৰ ঘৰ মঙলদৈ ছিপাঝাৰত৷

আনহাতে আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি যুৱকজন  আজি পুৱা ভাগত গছত ওলমি থকা অৱস্থাত ৰাইজে প্ৰত্যক্ষ কৰিছিল।

প্ৰাথমিক তদন্তত অৰ্থনৈতিক সমস্যাৰ বাবে আত্মহত্যা কৰাৰ সন্দেহ কৰা হৈছে৷

চাৰিজনীয়া পৰিয়ালৰ সৈতে গুৱাহাটীত ভাড়াঘৰত বাস কৰিছিল মৃত যুৱকজনে। কিন্তু বৰ্তমান গুৱাহাটীত অকলে আছিল যুৱকজন।