Drinking too much Alcohol: মাত্ৰ ২ মিনিটতে খাই শেষ কৰিলে এবটল মদ; বাজী মাৰি যমৰ ঘৰ পালে যুৱকে

প্রতিনিধিত্বমূলক ফটো।

Drinking too much Alcohol কোনে কিমান দ্ৰুততাৰে মদ পান কৰিব পাৰে আৰু কিমান পান কৰিব পাৰে তাৰ পৰীক্ষা কৰিবলৈ প্ৰতিযোগিতা চলি আছিল। মাত্ৰ এহেজাৰ টকা জিকিবলৈ প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছিল এজন যুৱকে। আৰু তাকে কৰিবলৈ গৈ মৃত্যুক সাৱটিলে দক্ষিণ আফ্ৰিকাৰ যুৱকজনে।

দৰাচলতে কি ঘটিছিল? প্ৰতিযোগিতাখন দক্ষিণ আফ্ৰিকাৰ মাচাম্বা অঞ্চলৰ লিম্পাপুৰ গাঁৱৰ এখন সুৰাৰ দোকানত আয়োজন কৰা হৈছিল। কোনে কিমান দ্ৰুতগতিত পান কৰিব পাৰে সেইটোৱে আছিল বিষয়।

লগতে পঢ়ক: Daler Mehndi: মানৱ সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ দালেৰ মেহেন্দি; ২ বছৰৰ কাৰাদণ্ডৰ নিৰ্দেশ আদালতৰ

লিম্পাপুৰ গাঁৱৰ সেই দোকানলৈ ২৩ বছৰীয়া যুৱক এজনে সুৰা পান কৰিবলৈ   গৈছিল। তেওঁ সেই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। তেওঁ ২ মিনিটত এবটল মদ খাই শেষ কৰিলে। তেওঁ বাজীটো জিকিলে। উপস্থিত বাকী মানুহবোৰে তেওঁক বখানি জোকাবলৈ আৰম্ভ কৰিছিল। কিন্তু আনন্দটো বেছি সময় স্থায়ী নহ’ল। কেইমিনিটমানৰ ভিতৰতে যুৱকজন মাটিত বাগৰি পৰিল।

তেওঁক লগে লগে উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। জানিব পৰা মতে কম সময়ৰ ভিতৰতে অত্যাধিক সুৰাপান কৰাৰ ফলত তেওঁৰ মৃত্যু ঘটে। যুৱকজনে পান কৰা সুৰাত ৩৫ শতাংশ এলক’হল আছিল।

লগতে পঢ়ক: Barshashri Buragohain: কাৰাবন্দী বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক পৰীক্ষাত বহিবলৈ অনুমতি দিলে আদালতে

ৱাটাৰ ভাল আৰক্ষীৰ মুখপাত্ৰ ব্ৰিগেডিয়াৰ মোটেলফালা মোজাপেলোৱে এই সম্পৰ্কত কয় যে সুৰাপান প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ পিছত এজন লোকৰ মৃত্যু হৈছে। দুই মিনিটৰ ভিতৰতে তেওঁ সুৰাৰ বটলটো শেষ কৰি যমৰ ঘৰ পালে।

অৱশ্যে, আৰক্ষীয়ে কাৰ উদ্যোগত এনে প্ৰতিযোগিতা আয়োজন কৰা হৈছিল তাৰ তদন্ত কৰি আছে।

যুৱকজনে সুৰাপান কৰাৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। অৱশ্যে, মৃতকৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।