চামগুৰিৰ গেন্ধালিত ৰহস্যজনকভাৱে যুৱকৰ মৃতদেহ উদ্ধাৰ

Man found dead in Assam's Samaguri

প্ৰতিনিধিত্বমূলক ফটো

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত গেন্ধালি আমগুৰিত এজন যুৱকৰ মৃতদেহ ৰহস্যজনকভাৱে উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

গাওঁখনৰ এটা পুখুৰীত সেইখন গাঁৱৰে আঘোণা ওৰাং (৩৩) নামৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে।

জানিব পৰা মতে আমগুৰি গাৱঁৰ এটা পুখুৰীত ১ আগষ্টৰ পুৱা স্থানীয় লোকে এটা মৃতদেহ প্ৰত্যক্ষ কৰি গাওঁখনৰ চৰকাৰী গাওঁবুঢ়াৰ জৰিয়তে আৰক্ষীক খবৰ দিয়ে৷

পিছত  ঘটনাস্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ পুখুৰীটোৰ পৰা মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে আৰক্ষীয়ে উক্ত গাৱঁৰ চাপা ওৰাংৰ পুত্ৰ আঘোনা ওৰাং(৩৩) বুলি চিনাক্ত কৰে৷

পৰৱৰ্তী সময়ত আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

ৰহস্যজনকভাৱে উদ্ধাৰ হোৱা যুৱকজনৰ মৃতদেহটোৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে।