চামগুৰিত জঘন্য হত্যাকাণ্ড; মোনাত ভৰাই মৃতদেহ পেলালে কুঁৱাত

Dead body found in Samaguri

উদ্ধাৰহোৱা মৃতদেহটো।

নগাঁৱৰ চামগুৰিত সংঘটিত হোবা এটা নৃশংস হত্যাকাণ্ডক কেন্দ্র কৰি আমলখি চাহ বাগিচাৰ কাঞ্চনবস্তি অঞ্চলত  তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।

শুকুৰবাৰে ৰাতিপুৱা স্থানীয় একাংশ লোকৰ ওচৰৰে পথাৰত তেজৰ চেকুৰা পৰি থকা দেখা পাই সন্দেহ ওপজে। উপস্থিত ৰাইজে তেজৰ চেকুৰা অনুসৰণ কৰি বাগিচাৰ মাজত থকা এটা পৰিত্যক্ত কুৱাৰ কাষত উপস্থিত হয় আৰু কুৱাটোৰ পাৰত এজোৰ কাপোৰ উদ্ধাৰ কৰে।

ঘটনা সন্দৰ্ভত ৰাইজে চামগুৰি আৰক্ষীক খবৰ দিয়াৰ পাছত আৰক্ষী আহি ঘটনাটোৰ বুজ লয় আৰু নগাঁৱৰ এচ ডি আৰ এফৰ উদ্ধাৰকাৰী দলক খবৰ দিয়ে। প্ৰায় পাঁচঘণ্টাজোৰা আৰক্ষী আৰু এচ ডি আৰ এফৰ যুতীয়া অভিযানত দুপৰীয়া কুঁৱাটোৰ পৰা উদ্ধাৰকাৰী দলটোৱে এটা প্লাষ্টিকৰ বস্তাত ভৰাই থোৱা মৃতদেহ উদ্ধাৰ কৰে।

আনহাতে, মৃতলোকজনক জিতেন গোৱালা বুলি চিনাক্ত কৰা হয়। গোৱালাই বোকাখাতৰ বিহৰা চাহ বাগিচাৰ পৰা আহি কাঞ্চনবস্তিত নিগাজীকৈ থাকিব লৈছিল। পাৰিবাৰিক কণ্ডলৰ বাবেই লোকজনক পৰিকল্পিতভাবে হত্যা কৰি কুৱাটোত পেলাই থোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

চামগুৰি আৰক্ষীয়ে মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে পঠোৱাৰ লগতে ঘটনা সন্দৰ্ভত প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে।