মোবাইল ফোন বিস্ফোৰিত হৈ এজনৰ মৃত্যু : মোবাইল ফোনৰ নিৰাপদ ব্যৱহাৰৰ নিৰ্দেশাৱলী

phone

মোবাইল ফোন বিস্ফোৰিত হৈ এগৰাকী লোকৰ মৃত্যু ঘটিছে ৰাজস্থানত। লোকজনৰ পকেটত মোবাইল ফোনটো বিস্ফোৰিত হোৱাৰ ফলত লোকজন বেয়াকৈ আহত হয়। ঘটনাৰ বিৱৰণি অনুসৰি, ৰাজস্থানৰ চিত্তোৰগড়ৰ অন্তৰ্গত পাচ্চলি গাঁৱৰ কিশোৰ সিং নামৰ ৬০ বছৰীয়া লোকজনে যেতিয়া যোৱা কালি ৪ জানুৱাৰিৰ  পুৱতি নিশা  ২-৩০ বজাত টোপনিৰ পৰা সাৰ পাইছিল তেতিয়াই তেওঁৰ ফোনটো বিস্ফোৰিত হয়। তেওঁৰ পত্নীয়ে লগে লগে আৰক্ষী থানাত খৱৰ দিয়ে। যেতিয়া লোকজনক চিকিৎসালয়লৈ অনা হয়, চিকিৎসকে তেওঁক বাটতেই মৃত্যু হোৱা বুলি ঘোষণা কৰে।

মোবাইল ফোন ব্যৱহাৰৰ নিৰাপদ উপায়—

১) আপোনাৰ মোবাইল ফোন বুকুৰ পকেটত নাৰাখিব। এনে কৰিলে, যদিহে কেতিয়াবা মোবাইল ফোন বিস্ফোৰিত হয় তেন্তে  আপোনাৰ শৰীৰৰ উৰ্ধাংশ আঘাতপ্ৰাপ্ত হ’ব।

২) নিশা আপোনাৰ মোবাইল চাৰ্জত নথব।

৩) বিচনা, কাপোৰ অথবা সূৰ্যৰ পোহৰ পৰা ঠাইত মোবাইল ফোন চাৰ্জ নিদিব।

৪) আন মোবাইলৰ চাৰ্জাৰ ব্যৱহাৰ নকৰিব।

৫) মোবাইল ফোন প্ৰস্তুতকাৰীৰ বেটাৰী ব্যৱহাৰ কৰক।

৬) পাৱাৰ ষ্ট্ৰীপ এক্সটেনশ্যন কৰ্ড, সস্তীয়া পাৱাৰ বেংক আৰু কাৰ চাৰ্জিং এডাপ্টৰ ব্যৱহাৰ নকৰিব।

৭) চাৰ্জত দিয়াৰ পূৰ্বে মোবাইল ফোনৰ কভাৰ আঁতৰাই থওক।

৮) অথৰাইজড মোবাইল ৰিপেয়াৰিং চেণ্টাৰত আপোনাৰ মোবাইল মেৰামতি কৰাওক।

৯) গৰম হ’লে মোবাইল ফোনটো ব্যৱহাৰ নকৰিব।

১০) বিছনালৈ যোৱাৰ সময়ত মোবাইল ফোনটো গাৰুৰ তলত নথ’ব। গাৰুৰ তলত থ’লে ইয়াৰ ওপৰত হেঁচা পৰিব আৰু অতিৰিক্ত গৰম হোৱাৰ ফলত ই বিকলো হ’ব পাৰে।

এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিলে মোবাইল ফোন বিস্ফোৰিত পৰা হাত সাৰিব পৰা যাব।