মৰ্মান্তিক! পতি-পত্নীৰ কাজিয়াত প্ৰাণ গ’ল চাৰিমহীয়া কন্যা শিশুৰ

দেওবাৰে তিনিচুকীয়া জিলাত পতি-পত্নীৰ মাজত হোৱা কাজিয়াৰ ফলত প্ৰাণ হেৰুৱালে এটা চাৰি মহীয়া কন্যা শিশুৱে।

তিনিচুকীয়া জিলাৰ পেংগাৰী থানাৰ অন্তৰ্গত মুগংপথাৰ গাঁৱত সংঘটিত হৈছে এই ঘটনা।

ইতিমশ্যে শিশুটিৰ পিতৃ-মাতৃক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

আৰক্ষীৰ মতে, শিশুটিৰ পিতৃ-মাতৃৰ মাজৰ ঘৰুৱা বিবাদৰ ফলত এই কাণ্ড সংঘটিত হৈছে। বিনোদ কৰ্মকাৰ নামৰ লোকজনে মুগংপথাৰস্থিত তেওঁলোকৰ বাসগৃহত পত্নী আৰু সন্তানক লগ কৰিবলৈ গৈছিল বুলি জানিব পৰা গৈছে।

তাৰ পিছত তৰ্কৰ সৃষ্টি হয় আৰু প্ৰাথমিক তদন্তৰ পৰা অনুমান কৰা হৈছে যে কৰ্মকাৰে কেঁচুৱাটোৰ ক্ষতিসাধন কৰিছিল, যাৰ ফলত মূৰত আঘাত পোৱাৰ ফলত মৃত্যু হৈছিল।

ইতিমধ্যে তিনিচুকীয়াৰ অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে শিশুটিৰ মৃতদেহ প্ৰেৰণ কৰা হৈছে।